নতুন দিল্লী, ৪ নৱেম্বৰঃ
দেশত জনন হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দুটাতকৈ অধিক সন্তান থকা লোকক শাস্তি বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা আইনসমূহৰ প্ৰাসংগিকতা হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। এনে আইনসমূহ বৰ্তমানৰ জনসংখ্যাগত পৰিৱৰ্তনৰ সৈতে খাপ খাইছেনে নাই, সেই সন্দৰ্ভত পুনৰ বিবেচনাৰ প্ৰয়োজনীয়তাৰ কথাও আদালতে উল্লেখ কৰিছে।
মহাৰাষ্ট্ৰৰ এখন পঞ্চায়তত দুটাতকৈ অধিক সন্তান থকা লোকক সদস্য বা সৰপঞ্চ হিচাপে নিৰ্বাচিত হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা আইনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে ন্যায়ালয়ে। ন্যায়াধীশ পি এছ নৰসিংহৰ নেতৃত্বাধীন দুজনীয়া বিচাৰপীঠে কয় যে বৰ্তমানৰ সময়ত তিনিটা সন্তান থকা পৰিয়াল বিৰল হৈ পৰিছে। বহু পৰিয়ালত এতিয়া এটাকৈ সন্তানহে দেখা যায়। সেয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্ৰণয়ন কৰা এনে নীতিৰ প্ৰাসংগিকতা পুনৰ পৰীক্ষা কৰা উচিত।
আদালতে লগতে উদ্বেগ প্ৰকাশ কৰে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে এই নীতিক ইজনে সিজনৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। এই বিষয়টো আদালতৰ বাবে চিন্তাৰ কাৰণ বুলিও উল্লেখ কৰে বিচাৰপীঠে।
দেশৰ জনন হাৰৰ পৰিৱৰ্তনৰ তথ্য দাঙি ধৰি আদালতে কয় যে ২০০৩ চনত ভাৰতৰ মুঠ জনন হাৰ আছিল ৩। বৰ্তমান সেই হাৰ হ্ৰাস পাই ১.৯ হৈছে। আনহাতে, জনসংখ্যাৰ এটা প্ৰজন্মৰ ঠাই আন এটা প্ৰজন্মই পূৰণ কৰিবলৈ প্ৰয়োজনীয় জনন হাৰ ২.১ বুলি গণ্য কৰা হয়।
ন্যায়ালয়ে স্পষ্ট কৰে যে ভাৰতৰ মুঠ জনসংখ্যা এতিয়াও হ্ৰাস পোৱা নাই যদিও জনন হাৰ প্ৰতিস্থাপন হাৰৰ তললৈ নামি অহাৰ প্ৰভাৱ ভৱিষ্যতে দেখা যাব। ইয়াৰ ফলত বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে কৰ্মক্ষম বয়সৰ লোকৰ অনুপাত হ্ৰাস পাব পাৰে। পৰিৱৰ্তিত জনসংখ্যাগত পৰিস্থিতিক গুৰুত্ব নিদিলে দেশখনে ভৱিষ্যতে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও সতৰ্ক কৰি দিয়ে আদালতে।
এই গোচৰটো মহাৰাষ্ট্ৰৰ প্ৰাক্তন সৰপঞ্চ মংগলা ভীমৰাও ইংগলে দাখিল কৰা আবেদনৰ সৈতে জড়িত। দুটাতকৈ অধিক সন্তান থকাৰ বাবে তেওঁৰ নিৰ্বাচনী অযোগ্যতা বাহাল ৰখা বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক তেওঁ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে। মহাৰাষ্ট্ৰ ভিলেজ পঞ্চায়ত আইন, ১৯৫৯ৰ ১৪(১) ধাৰা অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে পঞ্চায়ত সদস্য বা সৰপঞ্চ পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।
এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ২০০৩ চনৰ ‘জাভেদ বনাম হাৰিয়ানা’ আৰু ২০০৪ চনৰ ‘ৰামজী লাল জাট বনাম ৰাজস্থান’ গোচৰত দিয়া পূৰ্বৰ ৰায়সমূহো পুনৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। দুজনীয়া বিচাৰপীঠে বিষয়টো অধিক বিবেচনাৰ বাবে তিনিজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে।