অৰুণাচল প্ৰদেশত চীনৰ কথিত অনুপ্ৰৱেশক লৈ ITBP প্ৰধান জেনেৰেল শত্রুজিৎ কাপুৰৰ দাবী আৰু চৰকাৰৰ নেতাসকলৰ বক্তব্য স্পষ্ট কৰিবলৈ দাবী জনাইছে টাডাক নালোৱে। তেওঁৰ অভিযোগ, লেমেকিং-টাকচিং অঞ্চলত চীনা বাহিনী সোমোৱাৰ কথা আগতেই কোৱা হৈছিল যদিও চৰকাৰে সেই বাস্তৱতা মানিবলৈ সাজু হোৱা নাছিল।
নালোৰ মতে, শত্রুজিৎ কাপুৰে শেহতীয়াকৈ দাবী কৰিছিল যে চীনে বিগত কেইমাহ ধৰি অৰুণাচল প্ৰদেশৰ ভূখণ্ডৰ কিছু অংশ দখল কৰিছে আৰু ভাৰতীয় বাহিনীয়ে তাৰ প্ৰত্যুত্তৰ দিব পৰা নাই। তেওঁৰ অভিযোগ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যসভাৰ সাংসদ টাই টাকাক, গৃহমন্ত্ৰী আৰু নাচো সমষ্টিৰ বিধায়কৰ বক্তব্যৰ সৈতে এই দাবীৰ মিল নাই।
ছিয়াং আপাৰ মাল্টিপাৰ্পাছ প্ৰকল্পক লৈ চলি থকা প্ৰতিবাদৰ প্ৰসংগত নালোৱে কয়, প্ৰকল্পটোৰ বাবে ১.৮ লাখ লোক উচ্ছেদ হোৱাৰ আশংকা আছে। এই লোকসকলক ক’ত পুনৰ সংস্থাপন দিয়া হ’ব বা পুনৰ সংস্থাপন নীতি কি, সেই বিষয়ে চৰকাৰে স্পষ্ট কৰা নাই বুলি তেওঁ অভিযোগ কৰে।
তেওঁৰ দাবী, অৰুণাচল প্ৰদেশৰ বিদ্যুতৰ চাহিদা বছৰি ১৫০ৰ পৰা ২০০ মেগাৱাটৰ ভিতৰত, আনহাতে ৰাজ্যখনত ইতিমধ্যে ১১৪৬ মেগাৱাট ক্ষমতাৰ জলবিদ্যুৎ প্ৰকল্প চলি আছে। সেয়ে অতিৰিক্ত বান্ধ নিৰ্মাণ কিয় জৰুৰী, সেই প্ৰশ্নও তোলে নালোৱে।
পাছিঘাটত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত অৰ্ধসামৰিক বাহিনীয়ে লাঠিচালনা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ অভিযোগো কৰে তেওঁ। প্ৰতিবাদকাৰীক আটক কৰি UAPA আৰু AFSPA-ৰ অধীনত ব্যৱস্থা লোৱা হৈছে বুলি অভিযোগ কৰি নালোৱে আটকসকলক মুকলি, মোতায়েন কৰা বাহিনী আঁতৰোৱা আৰু আহতসকলক চিকিৎসা দিয়াৰ দাবী জনায়।
মুখ্যমন্ত্ৰী পেমা খান্দুৱে আলোচনাৰ আহ্বান জনোৱাৰ আগতে এই পদক্ষেপসমূহ ল’ব লাগে বুলি নালোৱে কয়। অন্যথা অৰুণাচল ফ্ৰণ্টিয়াৰ ট্ৰাইবেল ফ্ৰণ্টে এই বিষয় ৰাজধানীলৈ নি গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব বুলি তেওঁ সকীয়াই দিয়ে।