নাজিৰাত অসমৰ স্বৰ্ণকন্যা তথা অলিম্পিক পদক বিজয়ী বক্সাৰ লভলিনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত বিধায়ক, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু অন্যান্য জনপ্ৰতিনিধিসকল উপস্থিত থাকে। অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোকে আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে।