গুৱাহাটী, ৩১ অক্টোবৰ: অসমত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হোৱাৰ সম্ভাৱনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)ত স্থাপন কৰা হ’ব ভাৰতৰ ৰাজহুৱা স্বাস্থ্যসেৱা খণ্ডৰ প্ৰথমটো প্ৰ’টন বিম থেৰাপি কেন্দ্ৰ। এই প্ৰকল্পৰ বাবে বেলজিয়ামৰ প্ৰতিষ্ঠান IBAৰ সৈতে অসম চৰকাৰে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে।

শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। প্ৰস্তাৱিত প্ৰ’টন বিম থেৰাপি যন্ত্ৰটোৰ ব্যয় প্ৰায় ৬০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, অহা তিনি বছৰৰ ভিতৰত GMCHত এই যন্ত্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰ’টন বিম থেৰাপি হৈছে বিকিৰণৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসাৰ অন্যতম উন্নত পদ্ধতি। এই ব্যৱস্থাই অসমত বিশেষজ্ঞ কৰ্কট চিকিৎসাৰ সুবিধা অধিক শক্তিশালী কৰিব। উন্নত চিকিৎসা প্ৰযুক্তিৰ অগ্ৰগতি চৰকাৰে নিৰীক্ষণ কৰি থাকিব আৰু ৰোগীয়ে যাতে সুলভ মূল্যত এই চিকিৎসা লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

তেওঁৰ মতে, এই ব্যৱস্থাত ৰাজ্য চৰকাৰৰ মূলধনী ব্যয় তুলনামূলকভাৱে কম হ’ব। ফলত চিকিৎসাৰ খৰচো নিয়ন্ত্ৰণত ৰখাৰ সুবিধা হ’ব। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PM-JAY)ৰ অধীনত পাঁচ লাখ টকালৈকে স্বাস্থ্য বীমাৰ সুবিধাৰ জৰিয়তে ইতিমধ্যে ৰাজ্যৰ বহু কৰ্কট ৰোগীৰ চিকিৎসা সামৰি লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই কেন্দ্ৰ স্থাপন হ’লে উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি পাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ মতে, চুবুৰীয়া ভূটান আৰু বাংলাদেশৰ লগতে উত্তৰ বংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰোগী চিকিৎসাৰ বাবে অসমলৈ আহিবলৈ লৈছে। প্ৰ’টন বিম থেৰাপিৰ সুবিধা আৰম্ভ হ’লে উন্নত কৰ্কট চিকিৎসাৰ বাবে অঞ্চলটোৰ ৰোগীয়ে দেশৰ আন প্ৰান্ত বা বিদেশলৈ যোৱাৰ প্ৰয়োজন কমিব পাৰে।