নতুন দিল্লী, ৩১ অক্টোবৰ: সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। শনিবাৰে সামাজিক মাধ্যমত যুগ্ম ফটো প্ৰকাশ কৰি বিবাহৰ কথা ৰাজহুৱা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Instagramত নিধি ৰাজদানৰ সৈতে এখন ফটো প্ৰকাশ কৰি ওমৰ আব্দুল্লাই লিখে, “কালি এক নতুন যাত্ৰাৰ আৰম্ভণি হ’ল।” পোষ্টটোত তেওঁ নিধি ৰাজদানকো টেগ কৰে। India Today-ৰ প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে, ৩০ অক্টোবৰত দুয়োৰে বিবাহ সম্পন্ন হয়। বিবাহৰ এদিন পাছত শনিবাৰে এই খবৰ ৰাজহুৱা কৰে ওমৰ আব্দুল্লাই।

এই বিবাহৰ খবৰ পোহৰলৈ অহাৰ পাছতে ৰাজনৈতিক আৰু সংবাদ মাধ্যমৰ মহলত চৰ্চা আৰম্ভ হৈছে। অৱশ্যে বিবাহ অনুষ্ঠানৰ স্থান, অতিথিৰ সংখ্যা বা আনুষ্ঠানিকতাৰ বিষয়ে দুয়োৰে তৰফৰ পৰা অধিক তথ্য প্ৰকাশ কৰা হোৱা নাই।

উল্লেখযোগ্য যে ইয়াৰ প্ৰায় তিনি মাহ পূৰ্বে ওমৰ আব্দুল্লা আৰু তেওঁৰ পূৰ্বৰ পত্নী পায়েল আব্দুল্লাৰ বিবাহ বিচ্ছেদৰ বিষয়টো উচ্চতম ন্যায়ালয়ত নিষ্পত্তি হৈছিল। ২০২৬ চনৰ ৩১ জুলাইত দুয়োপক্ষৰ পাৰস্পৰিক সন্মতিৰ ভিত্তিত সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত বিবাহ বিচ্ছেদৰ পথ মুকলি কৰে উচ্চতম ন্যায়ালয়ে। দুয়োপক্ষই পৰস্পৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈও সন্মতি প্ৰকাশ কৰিছিল।

১৯৯৪ চনত ওমৰ আব্দুল্লা আৰু পায়েলৰ বিবাহ হৈছিল। দিল্লীৰ The Oberoi হোটেলত কৰ্মৰত অৱস্থাত দুয়োৰে চিনাকি হৈছিল। তেওঁলোকৰ দুজন পুত্ৰ আছে—জাহিৰ আৰু জামিৰ।