গুৱাহাটী, ৩০ অক্টোবৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। আজি চৰকাৰে অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

উল্লেখ্য যে, যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰিছিল। ইয়াৰ পিছতে চৰকাৰে এই নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত অসম আৰক্ষীৰ CIDৰ বিশেষ সঞ্চালক প্ৰধান মুনা প্ৰসাদ গুপ্তাই সংবাদমেলযোগে জনাইছিল যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দুগৰাকী অভিযুক্ত—অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াইও অমৃতপ্ৰভাৰ জামিনৰ নিৰ্দেশত কেতবোৰ অসংগতি থকা বুলি মত প্ৰকাশ কৰিছিল। তেওঁৰ মতে, জামিনৰ নিৰ্দেশৰ কিছুমান পৰ্যবেক্ষণে চলি থকা বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ সময়ত তদন্তৰ তথ্য আৰু বিচাৰ প্ৰক্ৰিয়াত লিপিবদ্ধ সাক্ষ্যৰ ভিত্তিত অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগৰ প্ৰাথমিক ভিত্তি প্ৰতিষ্ঠা হোৱা নাই বুলি পৰ্যবেক্ষণ কৰিছিল। অৱশ্যে আদালতে স্পষ্ট কৰি দিছিল যে এই পৰ্যবেক্ষণ কেৱল জামিন আবেদনৰ বিচাৰৰ বাবেহে আৰু তেওঁৰ দোষী বা নিৰ্দোষী হোৱাৰ চূড়ান্ত সিদ্ধান্ত চলি থকা গোচৰৰ বিচাৰত লোৱা হ’ব।