আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২৫০% টেৰিফ আৰোপৰ ভাবুকি দি ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰাইছিল বুলি দাবী কৰিছে।
ট্ৰাম্পৰ দাবী অনুসৰি, ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতত ১১খন বিমান ধ্বংস হৈছিল। সংঘাতটো অতি গুৰুতৰ অৱস্থালৈ গৈছিল বুলিও তেওঁ উল্লেখ কৰে।
দুয়োখন দেশৰ ওপৰত ২৫০% টেৰিফ আৰোপ কৰা হ’ব বুলি কোৱাৰ পাছতে যুদ্ধ বন্ধ কৰাৰ দিশে পদক্ষেপ লোৱা হৈছিল বুলি ট্ৰাম্পে দাবী কৰে।
তেওঁৰ মতে, এই পদক্ষেপে ৫ কোটি লোকৰ জীৱন ৰক্ষা কৰিছিল।
ট্ৰাম্পে কংগো আৰু ৰৱাণ্ডাৰ সংঘাতৰ কথাও উল্লেখ কৰি, একাধিক দীঘলীয়া যুদ্ধ সমাপ্ত কৰাৰ দাবী কৰে।