IPL ২০২৭ৰ পূৰ্বে Mumbai Indiansৰ অধিনায়কত্বক লৈ নতুন সমীকৰণৰ সৃষ্টি হৈছে। পুনৰ দলটোৰ নেতৃত্বৰ দায়িত্ব ৰোহিত শৰ্মাৰ হাতলৈ যোৱাৰ সম্ভাৱনাই ক্ৰিকেট মহলত ব্যাপক চৰ্চা লাভ কৰিছে। আনহাতে, বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ভৱিষ্যতক লৈও প্ৰশ্ন উত্থাপন হৈছে।

যোৱা ছিজনত হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত Mumbai Indiansৰ প্ৰদৰ্শন আছিল হতাশাজনক। ১৪খন খেলৰ ভিতৰত ১০খনতে পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে পইণ্ট তালিকাৰ নৱম স্থানত ছিজন সামৰিছিল। ফলত দলটোৰ IPL খিতাপ জয়ৰ অপেক্ষা ছয় বছৰলৈ বৃদ্ধি পায়।

ইয়াৰ বিপৰীতে, ৰোহিত শৰ্মাৰ অধিনায়কত্বত Mumbai Indiansে পাঁচবাৰ IPL খিতাপ জয় কৰিছে। ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত দলটোক চেম্পিয়ন কৰাইছিল ৰোহিতে। IPL ইতিহাসত মহেন্দ্ৰ সিং ধোনীৰ সৈতে সৰ্বাধিক পাঁচবাৰ খিতাপ জয় কৰা অধিনায়কৰ তালিকাত আছে তেওঁ।

চৰ্চা অনুসৰি, যোৱা ছিজনতে দল পৰিচালনাই হাৰ্দিকৰ পৰিৱৰ্তে ৰোহিতক পুনৰ অধিনায়কত্ব দিয়াৰ কথা চিন্তা কৰিছিল। ৰোহিতে উত্তৰাধিকাৰী হিচাপে তিলক বাৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল বুলিও জানিব পৰা গৈছে। কিন্তু দল পৰিচালনাই ৰোহিতকেই পুনৰ নেতৃত্ব ল’বলৈ অনুৰোধ জনাইছিল।

আনহাতে, হাৰ্দিক পাণ্ডিয়াৰ দল সলনিৰ সম্ভাৱনাক লৈও চৰ্চা অব্যাহত আছে। অৱশ্যে তেওঁ Mumbai Indiansত থাকিলে ৰোহিতৰ নেতৃত্বত খেলিবলৈ সন্মতি জনোৱা বুলি জানিব পৰা গৈছে। কিন্তু হাৰ্দিকৰ ভৱিষ্যত সম্পৰ্কে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্তৰ কথা প্ৰকাশ পোৱা নাই।

ইফালে, দলটোৰ প্ৰশিক্ষক মণ্ডলীতো সালসলনি কৰা হৈছে। কাইৰন পোলাৰ্ডক মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে। ৰবিন উথাপ্পাক বেটিং প্ৰশিক্ষক, মিচেল মেকক্লেনাঘানক বলিং প্ৰশিক্ষক আৰু টি দিলীপক ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ধৱল কুলকাৰ্ণীয়ে উন্নয়নমূলক বলিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে।

অৱশ্যে IPL ২০২৭ৰ বাবে Mumbai Indiansৰ অধিনায়কৰ নাম এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। ৰোহিতৰ পুনৰ নেতৃত্বলৈ উভতি অহাৰ সম্ভাৱনাই এতিয়া দলটোৰ অনুৰাগীৰ মাজত নতুন আশাৰ সৃষ্টি কৰিছে।