গুৱাহাটী, ২৯ অক্টোবৰঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এইবাৰ চোকা অস্ত্ৰৰে চাৰিগৰাকী লোকক আক্ৰমণ কৰি আহত কৰিলে এজন লোকে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ ফটাশিল আমবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আক্ৰমণকাৰীয়ে দাৰে আক্ৰমণ কৰাত চাৰিজন লোক আহত হয়। ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহতসকলৰ ভিতৰত এজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে, ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে, কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য পোহৰলৈ অহা নাই।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।