গুৱাহাটী, ২৮ অক্টোবৰঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক অধিক শক্তিশালী কৰি তুলিবলৈ এক অৰাজনৈতিক ঐক্যমঞ্চ গঠনৰ আহ্বান জনাই ৰাহুল গৌতম শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গ ন্যায় দাবী সমিতিয়ে। ২৬ অক্টোবৰত প্ৰেৰণ কৰা পত্ৰখনত জুবিন গাৰ্গৰ ন্যায়ৰ আন্দোলনত ৰাহুল গৌতম শৰ্মাক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। সমিতিৰ আহ্বায়ক মণ্ডলীৰ হৈ অখিল গগৈৰ নাম পত্ৰখনত উল্লেখ আছে।
পত্ৰখনত উল্লেখ কৰা অনুসৰি, যোৱা ২৫ অক্টোবৰত জুবিন ক্ষেত্ৰত অনুষ্ঠিত ৰাজহুৱা আলোচনা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাংবাদিক, আইনজ্ঞ আৰু সচেতন নাগৰিকৰ উপস্থিতিত ৰাহুল গৌতম শৰ্মাৰ প্ৰতি এই বিশেষ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল।
সমিতিখনে পত্ৰখনত উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত হত্যাকাণ্ড বুলি অভিহিত কৰাৰ পাছতো গোচৰটোৰ অগ্ৰগতি আৰু অভিযোগনামাত থকা তথ্য-প্ৰমাণক লৈ ৰাইজৰ মাজত অসন্তুষ্টি আৰু প্ৰশ্ন অব্যাহত আছে। পত্ৰখনত এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি গোচৰটোৰ সকলো দিশ পুনৰ পৰীক্ষা কৰাৰ দাবী জনোৱা হৈছে।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰয়োজনীয় তথ্য-প্ৰমাণৰ ভিত্তিত পৰিপূৰক অভিযোগনামা দাখিল কৰিবলৈ অসম চৰকাৰ আৰু গৃহ বিভাগৰ ওচৰত দাবী জনাইছে সমিতিখনে। লগতে ইতিমধ্যে জামিন লাভ কৰা অভিযুক্তসকলৰ জামিন নাকচ কৰাৰ বাবে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ আৰু নতুনকৈ কোনো অভিযুক্ত যাতে কাৰাগাৰৰ পৰা মুকলি হ’ব নোৱাৰে, তাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনোৱা হৈছে।
পত্ৰখনত সমিতিখনে স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক শক্তিশালী কৰিবলৈ কোনো এটা সংগঠন, ৰাজনৈতিক দল বা ব্যক্তিৰ প্ৰচেষ্টাই যথেষ্ট নহয়। সেয়ে সকলো ৰাজনৈতিক দল-সংগঠন আৰু সচেতন নাগৰিকক ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধ্বত একত্ৰিত কৰি এক শক্তিশালী, অৰাজনৈতিক ঐক্যমঞ্চ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
সমিতিখনে লগতে আশা প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আন্দোলনটোৰ নেতৃত্ব অথবা সমন্বয়ৰ ভূমিকা গ্ৰহণ কৰিলে ন্যায়ৰ দাবীত চলি থকা প্ৰচেষ্টাই অধিক শক্তি আৰু বিশ্বাসযোগ্যতা লাভ কৰিব। পত্ৰখনত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত প্ৰকাশ কৰা বিভাজন সৃষ্টিৰ প্ৰচেষ্টাক লৈ উদ্বেগৰ কথাও উল্লেখ কৰা হৈছে।
এই পৰিপ্ৰেক্ষিতত ৰাহুল গৌতম শৰ্মাক গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে সুদৃঢ় যোগাযোগ স্থাপন কৰি এক শক্তিশালী অৰাজনৈতিক ঐক্যমঞ্চ গঠনত সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে। সমিতিখনৰ মতে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কেৱল তেওঁৰ পৰিয়ালৰ বিষয় নহয়; ই সমগ্ৰ অসমবাসীৰ আশা আৰু নৈতিক দায়িত্বৰ সৈতে জড়িত।
পত্ৰখনৰ শেষত অসমৰ সকলো ৰাজনৈতিক দল-সংগঠন আৰু জুবিন গাৰ্গৰ অনুৰাগীক কেৱল ন্যায়ৰ বিষয়টোক কেন্দ্ৰ কৰি ঐক্যবদ্ধ হ’বলৈ আহ্বান জনোৱা হৈছে। পত্ৰখনত জুবিন গাৰ্গ ন্যায় দাবী সমিতিৰ আহ্বায়ক মণ্ডলীৰ হৈ অখিল গগৈ, বিকাশ অসম, মাৰ্শ্বেল বৰুৱা, জ্ঞানশ্ৰী বৰা আৰু শৰৎ সৌৰভৰ নাম উল্লেখ আছে।