৩১ অক্টোবৰঃ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টোকাৰেন্সী বিনিময় মঞ্চ Binanceত সংঘটিত এক বৃহৎ চাইবাৰ আক্ৰমণত প্ৰায় ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্টো সম্পত্তি প্ৰভাৱিত হৈছে। বৃহস্পতিবাৰে প্ৰতিষ্ঠানটোৱে এই নিৰাপত্তাজনিত ঘটনাৰ কথা প্ৰকাশ কৰে। আক্ৰমণৰ ফলত হোৱা সকলো লোকচান পূৰণ কৰাৰ আশ্বাস দিছে Binance কৰ্তৃপক্ষই।

প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, এজন অভিযন্তাৰ লেপটপ হেক হোৱাৰ জৰিয়তে আক্ৰমণকাৰীয়ে প্ৰৱেশাধিকাৰ লাভ কৰিছিল আৰু তাৰ সহায়ত অনুমতি অবিহনে ক্ৰিপ্টো সম্পত্তি স্থানান্তৰ কৰিছিল। অৱশ্যে ঘটনাটোৰ সম্পূৰ্ণ কাৰণ এতিয়াও তদন্তাধীন।

Binanceৰ মতে, আন ক্ৰিপ্টো মঞ্চসমূহৰ সহযোগত প্ৰায় ৩ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি জব্দ কৰা হৈছে। বাকী সম্পত্তিৰ সন্ধান আৰু উদ্ধাৰৰ চেষ্টা অব্যাহত আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰাৰ কথাও জনাইছে প্ৰতিষ্ঠানটোৱে।

উত্তৰ কোৰিয়াৰ হেকিং গোটৰ সন্দেহ

চাইবাৰ সুৰক্ষা আৰু বিত্তীয় বিশ্লেষণ প্ৰতিষ্ঠান TRM Labs-এ এই আক্ৰমণৰ আঁৰত উত্তৰ কোৰিয়াৰ TraderTraitor নামৰ হেকিং গোটটো জড়িত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। পূৰ্বৰ উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্কিত চাইবাৰ আক্ৰমণৰ সৈতে এই ঘটনাৰ কিছুমান সাদৃশ্য থকা বুলি প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে। অৱশ্যে Binance-এ আক্ৰমণকাৰীৰ পৰিচয় এতিয়াও নিশ্চিত কৰা নাই।

ইফালে, Tether আৰু Circle নামৰ দুটা বৃহৎ ক্ৰিপ্টো প্ৰতিষ্ঠানেও আক্ৰমণৰ সৈতে সম্পৰ্কিত প্ৰায় ২.৪ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি জব্দ কৰাৰ কথা জনাইছে। Binanceৰ সৈতে জড়িত সম্পত্তি উদ্ধাৰৰ বাবে বিভিন্ন প্ৰতিষ্ঠানে সহযোগিতা অব্যাহত ৰাখিছে।

ক্ৰিপ্টো বজাৰত প্ৰভাৱ

এই ঘটনাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে Bitcoinৰ মূল্য ৪ শতাংশতকৈ অধিক হ্ৰাস পায়। Ethereum আৰু Solanaকে ধৰি আন কেইবাটাও বৃহৎ ক্ৰিপ্টোকাৰেন্সীৰ মূল্যতো পতন দেখা যায়।

বিশ্বৰ ৩০ কোটিতকৈ অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী থকা Binance-এ গ্ৰাহকৰ সকলো লোকচান পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰতিষ্ঠানটোৱে লগতে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি আক্ৰমণকাৰীক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

এই চাইবাৰ আক্ৰমণক ক্ৰিপ্টো উদ্যোগৰ ইতিহাসৰ অন্যতম বৃহৎ নিৰাপত্তাজনিত ঘটনা হিচাপে গণ্য কৰা হৈছে। অৱশ্যে প্ৰভাৱিত সম্পত্তিৰ সম্পূৰ্ণ পৰিমাণ আৰু প্ৰকৃত লোকচানৰ বিষয়ে তদন্তৰ অন্ততহে স্পষ্ট হ’ব।