গুৱাহাটী, ৩১ অক্টোবৰ: ‘অখিল গগৈয়ে গছত উঠাই গুৰি কাটিছে!’ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ যুঁজক লৈ এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গোচৰটোৰ প্ৰথম এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰাই। অখিল গগৈয়ে প্ৰথমে আইনী যুঁজখনত আগবাঢ়িবলৈ উৎসাহিত কৰিছিল যদিও এতিয়া ফোন কৰিও সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁ।

শুকুৰবাৰে নিজৰ বাসগৃহত অনুষ্ঠিত সংবাদমেলত ৰাতুল বৰাই কয় যে ২৫ অক্টোবৰত জুবিন ক্ষেত্ৰত অনুষ্ঠিত এখন প্ৰতিবাদী সভাত জুবিন গাৰ্গৰ ন্যায়ৰ আইনী যুঁজখন তেওঁৰ নেতৃত্বত আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সভাত উপস্থিত থকা অখিল গগৈ আৰু আন নেতাসকলৰ সৈতে হোৱা আলোচনাৰ ভিত্তিতে তেওঁ এই দায়িত্ব গ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে।

কিন্তু পৰৱৰ্তী সময়ত অখিল গগৈৰ সৈতে যোগাযোগ কৰাত অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে অধিবক্তাগৰাকীয়ে। তেওঁ কয়, “মই অখিলক দুই-তিনিবাৰ ফোন মাৰিছোঁ, কিন্তু তেখেতে ফোনটো ৰিচিভ কৰি দিয়া নাই। মোৰ এনেকুৱা লাগিছে যে গছত উঠাই গুৰি কাটি দিলে নেকি!”

কেৱল অখিল গগৈয়েই নহয়, দুলু আহমেদেও তেওঁৰ ফোন ৰিচিভ কৰা নাই বুলি সংবাদমেলত অভিযোগ কৰে ৰাতুল বৰাই। তেওঁ কয়, “দুলু আহমেদেও মোক কৈছিলে যে আপুনি আগবাঢ়ক, আমি আপোনাৰ লগত আছোঁ। কিন্তু যেতিয়া ফোন কৰিলোঁ, তেতিয়া ফোন ৰিচিভ কৰা নাই।”

অৱশ্যে এই বাধা-বিঘিনিৰ মাজতো আইনী যুঁজৰ পৰা পিছ হুঁহকি নাহে বুলি স্পষ্ট কৰি দিয়ে ৰাতুল বৰাই। তেওঁৰ ভাষাত, “অসমৰ ৰাইজক মই কথা দিছোঁ, সেইবাবে মই পিছুৱাই অহা নাই। জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত মই যুঁজ দিমেই।”

অধিবক্তাগৰাকীয়ে লগতে কয় যে জুবিনৰ ন্যায়ৰ যুঁজখন কোনো এজন ব্যক্তিৰ ব্যক্তিগত বিষয় নহয়, ই অসমৰ ৰাইজৰ আৱেগৰ সৈতে জড়িত। সেয়েহে অখিল গগৈ আৰু দুলু আহমেদৰ পৰা সঁহাৰি নাপালেও তেওঁ নিজৰ সিদ্ধান্তত অটল থাকিব বুলি প্ৰকাশ কৰে।

ইফালে, এই আইনী যুঁজৰ বাবে আৰ্থিক সহায়ৰো আহ্বান জনায় ৰাতুল বৰাই। তেওঁৰ মতে, গোচৰটোৰ প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামাৰ প্ৰতিলিপি আৰু ১৩০জনতকৈ অধিক সাক্ষীৰ সাক্ষ্যৰ প্ৰতিলিপি সংগ্ৰহ কৰিব লাগিব। ইয়াৰ বাবে ফটোকপি, প্ৰুফ ৰিডিং, আদালতৰ মাচুল আৰু অধিবক্তাৰ খৰচ মিলাই যথেষ্ট ধনৰ প্ৰয়োজন হ’ব।

সংবাদমেলত তেওঁ জানিবলৈ দিয়ে যে ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পৰিকল্পনা কৰিছে। লগতে অভিযোগনামাখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি এখন শক্তিশালী অতিৰিক্ত অভিযোগনামাৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও ঘোষণা কৰে।

জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজক কেন্দ্ৰ কৰি অখিল গগৈৰ সৈতে হোৱা যোগাযোগৰ অভাৱক লৈ ৰাতুল বৰাৰ এই মন্তব্যই নতুন চৰ্চাৰ সৃষ্টি কৰিছে।