ঢাকা, ৩১ অক্টোবৰ: বাংলাদেশৰ ৰাজধানী ঢাকাত পুনৰ উত্থাপিত হৈছে ভাৰতবিৰোধী শ্লোগান। দেশখনৰ মূল্যবৃদ্ধি, বিদ্যুৎ সংকট আৰু ইন্ধন-গেছৰ নাটনিৰ প্ৰতিবাদত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে National Citizen Party (NCP)-ৰ নেতা-কৰ্মীসহ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। সমাৱেশত ‘দিল্লী নে ঢাকা? ঢাকা, ঢাকা’ শ্লোগান দিয়াৰ লগতে ভাৰতৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে NCPৰ আহ্বায়ক নাহিদ ইছলামে।
ঢাকাৰ National Museum-ৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত নাহিদ ইছলামে গৃহমন্ত্ৰী ছালাহউদ্দিন আহমেদ আৰু শক্তিমন্ত্ৰী ইকবাল হাছান মাহমুদ টুকুৰ পদত্যাগ দাবী কৰে। দাবী পূৰণ নহ’লে আন্দোলন অব্যাহত ৰখাৰ লগতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নি দিয়ে তেওঁ। প্ৰধানমন্ত্ৰী তাৰেক ৰহমানৰ চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ সমালোচনা কৰে NCPৰ নেতাগৰাকীয়ে।
সমাৱেশত ভাষণ দি নাহিদ ইছলামে অভিযোগ কৰে যে বাংলাদেশৰ বৰ্তমানৰ চৰকাৰে ভাৰতৰ ষড়যন্ত্ৰৰ পৰা দেশখনক সুৰক্ষা দিব পৰা নাই। ভাৰত-বাংলাদেশ সীমান্তত হত্যাকাণ্ড, অসম আৰু পশ্চিমবংগত মুছলমানৰ ওপৰত নিৰ্যাতন আৰু দিল্লীত মছজিদ ভাঙি পেলোৱাৰ পৰিকল্পনা থকাৰ অভিযোগো উত্থাপন কৰে তেওঁ। অৱশ্যে এই দাবীসমূহৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰা হোৱা নাই বুলি ‘লোকসত্তা’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
প্ৰতিবাদত অংশগ্ৰহণ কৰা NCPৰ সাংসদ হাছনাত আব্দুল্লাহৰ পূৰ্বৰ ভাৰতবিৰোধী মন্তব্যক লৈও চৰ্চা হৈছে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি দিছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বাংলাদেশত অস্থিৰতা সৃষ্টি হ’লে তাৰ প্ৰভাৱ সীমান্তৰ সিপাৰলৈও বিস্তাৰিত হ’ব বুলি তেওঁ পূৰ্বে মন্তব্য কৰিছিল।
ইফালে, ১৯৯৬ চনৰ গংগাৰ পানী বণ্টন চুক্তিক লৈও ভাৰতক সকীয়নি দিয়ে নাহিদ ইছলামে। তেওঁৰ দাবী, চুক্তিখন ন্যায্যভাৱে পুনৰ আলোচনা কৰা নহ’লে বাংলাদেশৰ জনতা পুনৰ ৰাজপথলৈ ওলাই আহিব। ৩০ বছৰীয়া এই চুক্তিৰ ম্যাদ ২০২৬ চনৰ ডিচেম্বৰত উকলিব। বাংলাদেশৰ জলসম্পদ বিভাগে ১২ ডিচেম্বৰৰ পূৰ্বে নতুন চুক্তি স্বাক্ষৰৰ বাবে তৎপৰতা চলোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
উল্লেখ্য যে ২০২৪ চনৰ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশৰ ৰাজনীতিত ভাৰতবিৰোধী বক্তব্য আৰু মন্তব্যই বিশেষ চৰ্চা লাভ কৰি আহিছে। ফ্ৰেব্ৰুৱাৰী ২০২৬ত তাৰেক ৰহমান নেতৃত্বাধীন বাংলাদেশ Nationalist Party (BNP) চৰকাৰ ক্ষমতালৈ অহাৰ পিছত এনে বক্তব্য কিছু পৰিমাণে হ্ৰাস পাইছিল বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। কিন্তু দেশখনৰ অৰ্থনৈতিক সংকটক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে ভাৰতবিৰোধী শ্লোগান উত্থাপন হোৱাই নতুনকৈ আলোচনাৰ সৃষ্টি কৰিছে।
সমাৱেশত তাৰেক ৰহমানকো লক্ষ্য কৰি সমালোচনা কৰে নাহিদ ইছলামে। এজন স্বৈৰাচাৰীক ক্ষমতাৰ পৰা আঁতৰোৱাৰ পিছত দেশত আন এজন স্বৈৰাচাৰীৰ উত্থান ঘটিছে বুলি মন্তব্য কৰি তেওঁ চৰকাৰৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।
মূলতঃ মূল্যবৃদ্ধি, বিদ্যুৎ সংকট আৰু ইন্ধনৰ নাটনিৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদত ভাৰতবিৰোধী শ্লোগান আৰু অভিযোগৰ সংযোজনে বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনীতিৰ লগতে ভাৰত-বাংলাদেশৰ সম্পৰ্কক লৈও নতুন চৰ্চাৰ সৃষ্টি কৰিছে।