বিজেপিৰ তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক লৈ ২০১৮ চনত কৰা মন্তব্যৰ সৈতে জড়িত মানহানিৰ গোচৰত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক খালাচ দিছে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ বিশেষ সাংসদ-বিধায়ক আদালতে। সোমবাৰে, ২৬ অক্টোবৰত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শুভম বাৰ্মাই এই ৰায় প্ৰদান কৰে। আদালতে ৰাহুল গান্ধীৰ মন্তব্যক মানহানিকৰ বুলি গণ্য কৰা নাই।

২০১৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বেংগালুৰুত দিয়া এটা বক্তব্যক কেন্দ্ৰ কৰি গোচৰটোৰ সূত্ৰপাত হৈছিল। সেই সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈ থকা অমিত শ্বাহক ৰাহুল গান্ধীয়ে এটা হত্যাকাণ্ডৰ অভিযুক্ত বুলি উল্লেখ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। এই মন্তব্যৰ বিৰুদ্ধে ২০১৮ চনৰ ৪ আগষ্টত স্থানীয় বিজেপি নেতা বিজয় মিশ্ৰই মানহানিৰ গোচৰ তৰিছিল।

অমিত শ্বাহৰ বিৰুদ্ধে কৰা মন্তব্যক মানহানিকৰ বুলি দাবী কৰিছিল অভিযোগকাৰীয়ে। আনহাতে, ৰাহুল গান্ধীৰ পক্ষই বক্তব্যটো প্ৰসংগৰ পৰা আঁতৰাই ব্যাখ্যা কৰা হৈছে বুলি যুক্তি দিছিল। ২০২৩ চনত আদালতত হাজিৰ হোৱাৰ পাছত তেওঁ জামিন লাভ কৰিছিল। পৰৱৰ্তী সময়ত গোচৰটোৰ শুনানি সম্পূৰ্ণ হয় আৰু সোমবাৰে আদালতে তেওঁক খালাচ দিয়ে।

এই ৰায়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা এই নিৰ্দিষ্ট মানহানিৰ গোচৰটোৰ অন্ত পেলাইছে। অৱশ্যে, অভিযোগকাৰী পক্ষই ৰায়টোক প্ৰত্যাহ্বান জনাই উচ্চতৰ আদালতৰ কাষ চাপে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।