অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী মহিলাসকলক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত অনুৰাগ অসম ওৰফে পুষ্প দাসক তেলেংগানাৰ মহেশ্বৰমৰ পৰা গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে।
আৰক্ষীৰ তথ্য অনুসৰি, গহপুৰ থানাৰ অন্তৰ্গত নিগম পশ্চিম লাইনৰ বাসিন্দা অনুৰাগ অসমে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছিল। ভিডিঅ’টোত মুখ্যমন্ত্ৰী আৰু চৰকাৰী আঁচনিৰ হিতাধিকাৰী মহিলাসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ মতে, অভিযুক্তজন যোৱা প্ৰায় ১২ বছৰ ধৰি তেলেংগানাৰ মহেশ্বৰমত বাস কৰি আছিল। তেওঁক বিচাৰি উলিওৱাৰ পাছত বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ আহে। এই ঘটনাৰ সৈতে জড়িত গোচৰটো বেহালী থানাত পঞ্জীয়ন কৰা হৈছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৮২(১), ৮২(২), ৮৩ আৰু ৩০৩(২) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা বুলি জনাইছে।
ইয়াৰ উপৰি, অভিযুক্তজনৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ হিতাধিকাৰী মহিলাসকলক লৈ কৰা আপত্তিজনক মন্তব্যৰ সন্দৰ্ভতো এখন এজাহাৰ লাভ কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। এই বিষয়তো পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ সৈতে জড়িত আন দিশসমূহৰ তদন্ত অব্যাহত আছে।