নতুন দিল্লী, ২৯ অক্টোবৰঃ ভোটাৰ তালিকা সংশোধনত অনিয়মৰ অভিযোগক লৈ ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত হ’বলগীয়া প্ৰতিবাদত অংশ ল’বলৈ জনসাধাৰণক আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আৰক্ষীৰ লাঠীচালনাৰ আশংকাত ভয় নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে এই প্ৰতিবাদ কোনো এটা ৰাজনৈতিক দলৰ বাবে নহয়, দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে।
ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া মঞ্চ X-ত দিয়া এটা পোষ্টত ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো শ্ৰেণীৰ লোকক এই প্ৰতিবাদত যোগ দিবলৈ আহ্বান জনায়। তেওঁৰ মতে, দেশৰ গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত ৰখাৰ বাবে একেলগে আগবাঢ়ি অহাৰ প্ৰয়োজন।
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অসন্তুষ্ট লোকসকলকো প্ৰতিবাদত অংশ ল’বলৈ আহ্বান জনায়। ৰাহুল গান্ধীয়ে লগতে কয় যে যিসকলে নিজৰ মত প্ৰকাশৰ স্বাধীনতা আৰু চিন্তাৰ অধিকাৰ বিপদৰ সন্মুখীন হোৱা বুলি ভাবে, তেওঁলোকেও এই কাৰ্যসূচীত যোগ দিব পাৰে।
কংগ্ৰেছ নেতৃত্বাধীন INDIA মিত্ৰজোঁটে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াত অনিয়ম হোৱা বুলি অভিযোগ কৰি আহিছে। এই বিষয়ক লৈয়ে ১ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ আয়োজন কৰা হৈছে। মিত্ৰজোঁটে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীও উত্থাপন কৰিছে।
ইফালে, প্ৰতিবাদকাৰীসকল যাতে ৰামলীলা ময়দানৰ পৰা যন্তৰ-মন্তৰ বা আন নিষিদ্ধ এলেকালৈ আগবাঢ়িব নোৱাৰে, তাৰ বাবে দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। বাতৰি অনুসৰি, প্ৰতিবাদস্থলী আৰু ইয়াৰ আশে-পাশে প্ৰায় ৩,০০০ আৰক্ষী কৰ্মী মোতায়েন কৰাৰ পৰিকল্পনা কৰা হৈছে। নিৰাপত্তাৰ বাবে প্ৰায় ১৫০টা উচ্চ ক্ষমতাসম্পন্ন CCTV কেমেৰাও ব্যৱহাৰ কৰা হ’ব।
দিল্লী আৰক্ষীৰ অনুমান অনুসৰি, এই প্ৰতিবাদত দিল্লী আৰু আন ৰাজ্যৰ পৰা ৪০,০০০ৰ পৰা ৫০,০০০ লোক সমবেত হ’ব পাৰে।