ৰিভয়, ৩১ অক্টোবৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় University of Science and Technology Meghalaya (USTM)ৰ দ্বাদশ সমাৱৰ্তন শনিবাৰে বিশ্ববিদ্যালয়খনৰ মূল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা।

ভাষণৰ আৰম্ভণিতে ন্যায়াধীশ ভূঞাই কয় যে USTM-এ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ শিক্ষাক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে তেওঁ বিশ্ববিদ্যালয় পৰিয়ালৰ সকলো সদস্যক অভিনন্দন জনায়। বিশ্ববিদ্যালয়খনৰ সাংস্কৃতিক সৌন্দৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত থকা জনগোষ্ঠীয় বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে USTM হৈছে ‘বৈচিত্ৰ্যৰ মাজত একতা’ৰ এক নিদৰ্শন।

শিক্ষকৰ দায়িত্ব সম্পৰ্কে বক্তব্য আগবঢ়াই ন্যায়াধীশগৰাকীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয় যে কালামে বিজ্ঞানী, প্ৰশাসক বা লেখক হিচাপে পৰিচিত হোৱাতকৈ শিক্ষক হিচাপে পৰিচয় দিবলৈ অধিক ভাল পাইছিল। সেয়েহে প্ৰতিগৰাকী শিক্ষকে শিক্ষাৰ্থীৰ বাবে আদৰ্শ আৰু গ্ৰহণযোগ্য শিক্ষক হোৱাকে জীৱনৰ লক্ষ্য হিচাপে লোৱা উচিত।

পিতৃ-মাতৃৰ প্ৰতি দায়িত্বশীল হ’বলৈ আহ্বান পংকজ মিট্টালৰ

অনুষ্ঠানত সমাৱৰ্তন বক্তৃতা প্ৰদান কৰে Association of Indian Universities (AIU)ৰ সচিব প্ৰধান ড০ পংকজ মিট্টালে। তেওঁ কয় যে বৰ্তমানৰ সময়ত সন্তানসকল পিতৃ-মাতৃৰ প্ৰতি পূৰ্বতকৈ অধিক উদাসীন হৈ পৰা দেখা গৈছে, যিটো সমাজৰ বাবে উদ্বেগজনক। প্ৰতিগৰাকী সন্তানে নিজৰ অভিভাৱকৰ প্ৰতি দায়িত্বশীল হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। আজি তেওঁলোক যি স্থানত উপনীত হৈছে, তাৰ আঁৰত পিতৃ-মাতৃৰ অৱদান আছে বুলিও তেওঁ উল্লেখ কৰে।

ভাৰতৰ শিক্ষাব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মিট্টালে কয় যে পশ্চিমীয়া দেশসমূহত শিক্ষাৰ্থীসকলে ঘৰতে পাঠ্য বিষয় অধ্যয়ন কৰি শিক্ষানুষ্ঠানলৈ আহে বিষয়বস্তু বুজিবলৈ। কিন্তু ভাৰতত শিক্ষাৰ্থীসকলে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ মূলতঃ পাঠ পঢ়িবলৈ যায়। এই ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।

অনুষ্ঠানত অতিথি হিচাপে ভাষণ প্ৰদান কৰে ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আনন্দ ভালেৰাও আৰু IIM কলকাতাৰ সঞ্চালক অধ্যাপক আলোক কুমাৰ ৰায়ে। বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকে সমাৱৰ্তন ঘোষণা কৰাৰ বিপৰীতে উপাচাৰ্য অধ্যাপক গুৰু দত্ত শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰে। দেশৰ দহখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যয়ো অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰায় তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সমাৱৰ্তন।

১৪৬৯ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

এইবাৰৰ সমাৱৰ্তনত মুঠ ১৪৬৯ গৰাকী শিক্ষাৰ্থীক বিভিন্ন শাখাৰ ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ৪২ গৰাকীয়ে ডক্টৰেট, ৫৮৪ গৰাকীয়ে স্নাতকোত্তৰ, ৭৯৮ গৰাকীয়ে স্নাতক ডিগ্ৰী আৰু ৪৫ গৰাকীয়ে ডিপ্লোমা লাভ কৰে।

বিশ্ববিদ্যালয়খনে পাঁচগৰাকী শিক্ষাৰ্থীক বিশেষ সোণৰ পদক প্ৰদান কৰে। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ স্মৃতিত প্ৰদান কৰা শ্ৰেষ্ঠ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ সোণৰ পদক লাভ কৰে গ্ৰাম্য বিকাশ বিভাগৰ ফ্লৰেন্স দৈমাৰীয়ে।

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পি এ ছাংমাৰ স্মৃতিত শ্ৰেষ্ঠ স্নাতক শিক্ষাৰ্থীৰ সোণৰ পদক লাভ কৰে প্ৰাণীবিজ্ঞান বিভাগৰ জাকিয়া নুৰুল বৰভূঞাই। আনহাতে, আচাৰ্য আৰু অতিথিৰ নিৰ্বাচিত শ্ৰেষ্ঠ শিক্ষাৰ্থীৰ সোণৰ পদক লাভ কৰে ক্ৰমে অনুজীৱবিজ্ঞান বিভাগৰ স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থী আয়ূসী বৰকটকী আৰু বাণিজ্য বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থী পৰিস্মিতা বৰভূঞাই।

এইবাৰৰ সমাৱৰ্তনৰ বিশেষ আকৰ্ষণ আছিল প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা ‘জুবিন গাৰ্গ সোঁৱৰণী সোণৰ পদক’। মনোবিজ্ঞান বিভাগৰ স্নাতক পাঠ্যক্ৰমৰ শিক্ষাৰ্থী অভিৰূপা কাশ্যপে এই পদক লাভ কৰে।

অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশৰ লগতে অধিবক্তাসকলো উপস্থিত থাকে।

উল্লেখ্য যে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা গঠিত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (NAAC)-ৰ পৰা A গ্ৰেড লাভ কৰা USTM উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান। বিশ্ববিদ্যালয়খন NIRFৰ শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ৰ তালিকাতো অন্তৰ্ভুক্ত।