ইম্ফল, ৩০ অক্টোবৰ: মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা BJP নেতা এন বীৰেন সিঙে ৰাজ্যিক BJPৰ একাংশ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাবলৈ কংগ্ৰেছৰ সৈতে মিলি দলৰ একাংশ নেতাই ষড়যন্ত্ৰ ৰচিছিল বুলি দাবী কৰিছে বীৰেন সিঙে। একে সময়তে ২০২৫ চনৰ ফেব্ৰুৱাৰীত তেওঁ পদত্যাগ কৰাৰ পিছতো ৰাজ্যখনত হিংসা অব্যাহত থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
PTIক দিয়া এক বিশেষ সাক্ষাৎকাৰত বীৰেন সিঙে কয় যে অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে BJP চৰকাৰে জনতাৰ হেৰুৱা আস্থা আৰু বিশ্বাস পুনৰ ঘূৰাই আনিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
তেওঁৰ অভিযোগ, ২০১৭ চনৰ পৰাই ৰাজ্যিক BJPৰ একাংশ নেতাই তেওঁৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল। কংগ্ৰেছৰ পৰা BJPলৈ অহাৰ পিছতো তেওঁ দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱাটো একাংশ বিধায়কে সহজভাৱে ল’ব পৰা নাছিল। তেওঁলোকে BJPক নিজৰ ব্যক্তিগত সম্পত্তি বুলি ভাবিছিল আৰু তেওঁক পদৰ পৰা আঁতৰাবলৈ পৰিকল্পনা কৰিছিল বুলি দাবী কৰে বীৰেন সিঙে।
তেওঁ স্পষ্ট কৰি দিয়ে যে এই অভিযোগ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে নহয়, বৰং ৰাজ্যিক পৰ্যায়ৰ একাংশ নেতাৰ বিৰুদ্ধেহে।
আনহাতে, তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰালে মণিপুৰত শান্তি ঘূৰি আহিব বুলি কৰা দাবীৰো প্ৰশ্ন উত্থাপন কৰে বীৰেন সিঙে। তেওঁ কয়, তেওঁ পদৰ পৰা আঁতৰি যোৱাৰ পিছতো ৰাজ্যখনত হিংসা বন্ধ নহ’ল। মেইতেই, কুকি আৰু নগা জনগোষ্ঠীৰ মাজত সংঘাত অব্যাহত থকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ বৰ্তমানৰ পৰিস্থিতিক লৈ প্ৰশ্ন কৰে।
বীৰেন সিঙে বৰ্তমানৰ মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙৰ চৰকাৰৰ কাম-কাজক লৈও অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ মতে, BJP চৰকাৰে জনতাৰ আস্থা পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত অধিক সক্ৰিয় হ’ব লাগিব। বিশেষকৈ নিচাজাতীয় দ্ৰব্যবিৰোধী অভিযান, আফিং খেতি বন্ধ কৰাৰ অভিযান আৰু সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ জৈৱিক তথ্য সংগ্ৰহৰ কাম অব্যাহত ৰখাৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে।
তেওঁ কয় যে চৰকাৰে এই অভিযানসমূহ অব্যাহত ৰাখিব লাগে। অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বিতাড়ন কৰিব নোৱাৰিলেও অন্ততঃ তেওঁলোকক চিনাক্ত কৰি শিবিৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে, BJPৰ কেন্দ্ৰীয় নেতৃত্বই হস্তক্ষেপ কৰি ৰাজ্যখনৰ পৰিস্থিতি আৰু দলৰ ভিতৰৰ সমস্যাসমূহ সমাধান কৰিব বুলি আশা প্ৰকাশ কৰে বীৰেন সিঙে। তেওঁ দাবী কৰে যে জনতাৰ মাজত তেওঁক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ দাবী আছে। অৱশ্যে এই সিদ্ধান্ত নিৰ্বাচনত BJPএ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে, ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল এন বীৰেন সিঙে। প্ৰায় দুবছৰ ধৰি চলি থকা জনগোষ্ঠীয় হিংসা আৰু দলৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ মাজতে তেওঁ পদত্যাগ কৰিছিল। বৰ্তমান ৱাই খেমচান্দ সিঙৰ নেতৃত্বত ৰাজ্যখনত BJP চৰকাৰ চলি আছে।