ধুবুৰী, ৩০ অক্টোবৰ: ধুবুৰী জিলাৰ যোগমায়া ফেৰীঘাটত আৰক্ষীৰ এক বিশেষ অভিযানত ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত হাতশিঙিমাৰীৰ পৰা যন্ত্ৰ চালিত নাওৰে আহি ধুবুৰীত উপস্থিত হোৱা দলটোক ঘাটত নমাৰ লগে লগে আটক কৰে আৰক্ষীয়ে। অভিযানৰ তথ্য ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিস বৰুৱাই ৰাজহুৱা কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, নাওখনত প্ৰায় ১২০জন যাত্ৰী আছিল। পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৩৬জনক চিনাক্ত কৰি আটক কৰা হয়। আটাইকেইজন পুৰুষ আৰু তেওঁলোকৰ বয়স ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত। তেওঁলোকৰ পৰা নথি-পত্ৰ আৰু ম’বাইল ফোনো উদ্ধাৰ কৰা হৈছে।

আটক কৰা লোককেইজনক ধুবুৰী আৰক্ষী ৰিজাৰ্ভলৈ লৈ গৈ জেৰা চলোৱা হৈছে। আৰক্ষীৰ মতে, প্ৰাথমিক পৰীক্ষাত তেওঁলোক বাংলাদেশৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তেওঁলোকৰ নাগৰিকত্ব নিশ্চিত কৰিবলৈ নথি-পত্ৰ পৰীক্ষা আৰু জেৰা অব্যাহত আছে।

প্ৰাথমিক জেৰাত আটক লোককেইজনে বাংলাদেশৰ ৰাজশাহী জিলাৰ চাঁপাইনৱাবগঞ্জ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, নদীপথেৰে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ পিছত ধুবুৰীক যাতায়াতৰ মধ্যৱৰ্তী স্থান হিচাপে ব্যৱহাৰ কৰি চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল দলটোৱে।

আটক লোকসকলৰ ভাষ্য অনুসৰি, এই যাত্ৰাৰ বাবে মধ্যস্থতাকাৰীয়ে প্ৰতিজনৰ পৰা ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ টকা পৰ্যন্ত লৈছিল। 'মিলন' নামৰ এজন মধ্যস্থতাকাৰীৰ নামো জেৰাত আটক কৰা লোকসকলে লৈছে বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে বৰ্তমান এই দলটোৰ ভাৰতত প্ৰৱেশৰ পথ, যাত্ৰাৰ উদ্দেশ্য আৰু তেওঁলোকক সহায় কৰা মধ্যস্থতাকাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে। ধুবুৰী ভাৰত-বাংলাদেশ সীমান্তৰ এক সংবেদনশীল জিলা হোৱাৰ পৰিপ্ৰেক্ষিতত নদীপথ আৰু ফেৰীঘাটসমূহত নিৰাপত্তা তথা নজৰদাৰী বৃদ্ধি কৰা হৈছে।