হেলেনা ভৰালীৰ আত্মীয়সকলে মঙলবাৰে দাবী কৰে যে টকাৰ লেনদেনক লৈ ঘনকান্ত গগৈৰ সৈতে তেওঁলোকৰ সংঘাত চলি আছিল আৰু মীমাংসাৰ বাবে মাতিলেও গগৈ উপস্থিত হোৱা নাছিল।
আত্মীয়সকলৰ ভাষ্য অনুসৰি, বিষয়টো আলোচনা কৰি বুজাবুজিৰে মীমাংসা কৰাৰ উদ্দেশ্যে গগৈক ফোন কৰা হৈছিল। তেওঁক আহিবলৈ কোৱা হৈছিল যদিও তেওঁ নাহিল বুলি অভিযোগ কৰা হৈছে।
আত্মীয়সকলে অভিযোগ কৰে যে গগৈয়ে প্ৰথমে বন্দুক দেখুৱাইছিল। পিছত তেওঁ গুলী চলায় বুলি তেওঁলোকে দাবী কৰিছে।
ঘটনাৰ সময়ত এজন লোকে পলাই যাবলৈ চেষ্টা কৰিছিল বুলি আত্মীয়সকলে জনায়। পাছত হোটেলৰ বাহিৰত তেওঁক পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বুলি তেওঁলোকৰ দাবী।
হেলেনা ভৰালীক পৰিশ্ৰমী আৰু তেওঁৰ স্বামীক শান্ত স্বভাৱৰ ব্যক্তি বুলি উল্লেখ কৰি আত্মীয়সকলে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে। দোষীক শাস্তি দিয়াৰো দাবী জনাইছে তেওঁলোকে।
আত্মীয়সকলৰ মতে, ঘটনাটোক লৈ পৰিয়ালৰ দুগৰাকী ছোৱালীও গভীৰভাৱে মর্মাহত।