সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি, সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদীৰ চলাচল বন্ধ আৰু সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য দিয়া নেটৱৰ্কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান

নতুন দিল্লী, ২৭ অক্টোবৰঃ জম্মু-কাশ্মীৰৰ পহলগামত ২০২৫ চনৰ ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে BRICS সংসদীয় মঞ্চই। এই আক্ৰমণত ২৬জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হৈছিল। নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ অন্তত ২৭ অক্টোবৰত গ্ৰহণ কৰা এক যুটীয়া ঘোষণাত এই গৰিহণা প্ৰকাশ কৰা হয়।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৈঠকৰ সামৰণিত ঘোষণা-পত্ৰখনৰ কথা প্ৰকাশ কৰে। ইয়াত সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদীৰ চলাচল, সন্ত্ৰাসবাদৰ বাবে ধনৰ যোগান আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া ব্যৱস্থা বন্ধ কৰিবলৈও আহ্বান জনোৱা হৈছে।

ঘোষণাপত্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনো ধৰণৰ আপোচ নকৰাৰ নীতিৰ ওপৰত গুৰুত্ব দিয়া হয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত নীতি গ্ৰহণৰো বিৰোধিতা কৰে মঞ্চই। সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত ব্যক্তি আৰু তেওঁলোকক সহায় কৰাসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি জবাবদিহি কৰাৰ আহ্বান জনোৱা হয়।

ইয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ কাঠামোৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে এখন সৰ্বাত্মক চুক্তি চূড়ান্ত কৰি শীঘ্ৰে গ্ৰহণ কৰাৰ পোষকতা কৰে BRICS সংসদীয় মঞ্চই।

ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ পোষকতা

ঘোষণাপত্ৰত ৰাষ্ট্ৰসংঘৰ লগতে ইয়াৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰৰ প্ৰয়োজনীয়তাত সমৰ্থন জনোৱা হয়। দেশসমূহৰ সাৰ্বভৌম সমতা, পাৰস্পৰিক সন্মান, আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰাৰ নীতিও পুনৰ দৃঢ় কৰা হয়।

একমুখীয়া অৰ্থনৈতিক নিষেধাজ্ঞা আৰু আন দেশৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলোৱা নিষেধাজ্ঞাৰো বিৰোধিতা কৰে মঞ্চই। এনে ব্যৱস্থাই মানৱ অধিকাৰ, উন্নয়নৰ অধিকাৰ, স্বাস্থ্য আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি ঘোষণাপত্ৰত উল্লেখ কৰা হয়।

পশ্চিম এছিয়াত শান্তিৰ আহ্বান

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰে BRICS সংসদীয় মঞ্চই। দুয়োখন স্বাধীন ৰাষ্ট্ৰৰ সহাৱস্থানৰ ভিত্তিত সমস্যাৰ সমাধানৰ পোষকতা কৰাৰ লগতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত সকলো পক্ষকে সৰ্বাধিক সংযম অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হয়।

ঘোষণাপত্ৰত আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘনৰো গৰিহণা দিয়া হয়। সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনিত আক্ৰমণ, সাহায্য প্ৰদানত বাধা আৰু মানৱীয় সাহায্যৰ কামত নিয়োজিত কৰ্মীৰ ওপৰত আক্ৰমণৰ বিৰোধিতা কৰা হয়।

জলবায়ু আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতো গুৰুত্ব

জলবায়ু পৰিৱৰ্তন মোকাবিলাৰ বাবে প্ৰতিখন দেশৰ নিজস্ব জলবায়ু লক্ষ্য নিৰ্ধাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ আহ্বান জনোৱা হয়।

একেদৰে, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু তথ্য-যোগাযোগ প্ৰযুক্তিৰ সম্ভাৱনাক স্বীকাৰ কৰে মঞ্চই। অৱশ্যে, এই প্ৰযুক্তিসমূহৰ ব্যৱহাৰ সুৰক্ষিত, সমতাপূৰ্ণ আৰু শান্তিপূৰ্ণ হোৱাৰ লগতে প্ৰতিখন দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি সন্মান জনোৱাটোও প্ৰয়োজনীয় বুলি ঘোষণা-পত্ৰত উল্লেখ কৰা হয়।