প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে Emerging Science, Technology and Innovation Conclave 2026ত কয় যে, দেশত গৱেষণা আৰু উন্নয়নৰ বাবে এটা বছৰত মুঠ ২৪ হাজাৰ কোটি টকাৰ নতুন প্ৰতিশ্ৰুতি আহিছে।
বিজ্ঞান মানৱ সেৱাৰ এক মাধ্যম বুলি উল্লেখ কৰি মোদীয়ে কয়, লেবৰ পৰা ওলাই সাধাৰণ নাগৰিকৰ জীৱন উন্নত কৰিব পাৰিলেহে বিজ্ঞানৰ প্ৰকৃত সাফল্য লাভ হয়। কেৱল প্ৰযুক্তি কিমান উন্নত, তাৰ ভিত্তিত সাফল্য বিচাৰ কৰিব নালাগে বুলিও তেওঁ কয়।
স্বাস্থ্য খণ্ড শক্তিশালী কৰা, কৃষিক্ষেত্ৰ ৰূপান্তৰ কৰা, শিক্ষা আৰু নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰা তথা দুৰ্যোগৰ পৰা সুৰক্ষাত সহায় কৰা সমাধানক প্ৰযুক্তিৰ মূল শক্তি হিচাপে গণ্য কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱত এনে সমস্যাসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি মোদীয়ে কয়। ষ্টীল স্লেগৰ দৰে ঔদ্যোগিক আৱৰ্জনীৰ ব্যৱহাৰৰ সমাধানো দেশত বিচৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
চেন্নাইৰ IIT Madrasত আধুনিক ব্ৰেইন চেণ্টাৰৰ উদ্বোধনৰ অভিজ্ঞতা উল্লেখ কৰি মোদীয়ে কয়, কেন্দ্ৰটোৱে বিশ্বৰ বাবে উদাহৰণ হ’ব পৰা ব্ৰেইন ইমেজিং টেকন’লজি প্লেটফৰ্ম গঢ়ি তুলিছে। ‘Technology for Transformation’ক বৈজ্ঞানিক অগ্ৰগতীৰ মাপকাঠি হ’ব লাগে বুলি তেওঁ মন্তব্য কৰে।
গৱেষণাৰ ওপৰত এখন দেশৰ প্ৰযুক্তি আৰু প্ৰযুক্তি সৃষ্টিৰ সক্ষমতা নিৰ্ভৰশীল বুলি মোদীয়ে কয়। তেওঁৰ মতে, Anusandhan National Research Foundationক গতি দিয়া হৈছে। যোৱা বছৰত এই মঞ্চতে Research, Development and Innovationৰ বাবে ১,০০,০০০ কোটি টকাৰ ব্যৱস্থাৰ সংকল্প লোৱা হৈছিল।
মোদীয়ে কয়, যোৱা এটা বছৰত প্ৰায় ১২,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতিৰ লগতে ব্যক্তিগত খণ্ডই ১২,০০০ কোটি টকা বিনিয়োগ কৰিছে। পেটেণ্ট আবেদনতো যথেষ্ট বৃদ্ধি ঘটিছে বুলি উল্লেখ কৰি তেওঁ কয়, ই ভাৰতত গৱেষণা আৰু উদ্ভাৱনৰ শক্তিশালী সংস্কৃতি গঢ় লৈ উঠাৰ সংকেত।