অসমৰ চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে ড° লাচিত বৰুৱা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ চিংফৌ ছবি ‘ডিয়েৰ আৱা’ই। ছবিখন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবৰ্ণলৈ নিৰ্বাচিত হৈছে। চিংফৌ আৰু অসমীয়া ভাষাত নিৰ্মিত ছবিখনে উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক পৰিচয় আৰু সমাজজীৱন আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ লৈ যোৱাৰ সুযোগ লাভ কৰিছে।

এম বি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, প্ৰযোজনা আৰু পৰিচালনাৰ দায়িত্বত আছে ড° লাচিত বৰুৱা। অসম-অৰুণাচল সীমান্তত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই। সমুজ্জ্বল কাশ্যপে সম্পাদনা কৰা ছবিখনৰ শব্দগ্ৰহণ কৰিছে জ্যোতি চেতিয়াই। ছবিখনত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই।

চিংফৌ সমাজক লৈ ড° লাচিত বৰুৱাই দীৰ্ঘদিন ধৰি চলোৱা গৱেষণাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনত চিংফৌ সমাজৰ ৰীতি-নীতি, ধৰ্মীয় বিশ্বাস, বিভিন্ন সমস্যা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যাই তেওঁলোকৰ জীৱনত পেলোৱা প্ৰভাৱ তুলি ধৰা হৈছে। ছবিখন চিংফৌ ভাষালৈ ডাবিং কৰা হৈছে।

ইয়াৰ পূৰ্বেও ‘ডিয়েৰ আৱা’ই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে। ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ ছবিখন আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে। লগতে ২৫ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘চিনেমা অব্ দ্য ৱৰ্ল্ড’ শাখালৈও ছবিখন নিৰ্বাচিত হৈছে।