নতুন দিল্লী, ২৮ অক্টোবৰঃ বংগোপসাগৰত সৃষ্টি হোৱা ‘আৰ্ণৱ’ ঘূৰ্ণীবতাহে বুধবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ উপকূলত স্থলভাগত প্ৰৱেশ কৰে। ঘূৰ্ণীবতাহৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে প্ৰচণ্ড বতাহ বলিছে। বতৰ বিজ্ঞান বিভাগে দুয়োখন ৰাজ্যৰ বিভিন্ন অঞ্চলত সতৰ্কতা জাৰি কৰিছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ঘূৰ্ণীবতাহৰ সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১২৫ৰ পৰা ১৩৫ কিলোমিটাৰ পৰ্যন্ত হৈছিল। মাজে মাজে বতাহৰ গতিবেগ ঘণ্টাত ১৫০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। অৱশ্যে, বুধবাৰে পুৱা ৮.৩০ বজাৰ পিছত ঘূৰ্ণীবতাহৰ তীব্ৰতা কিছু হ্ৰাস পায়।
ধাৰাসাৰ বৰষুণৰ ফলত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সৰ্বাধিক ৩১৫ মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ উপৰি বিজয়নগৰম, অনাকাপল্লী, শ্ৰীকাকুলাম আৰু কৃষ্ণা জিলাতো যথেষ্ট বৰষুণ হৈছে। ওড়িশাৰ কোৰাপুট, গঞ্জাম আৰু গজপতি জিলাতো ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিছে।
সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ পৰা ১.৮ লাখতকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। ধুমুহাৰ ফলত বহু ঠাইত গছ উভালি পৰাৰ লগতে বিদ্যুৎ যোগান ব্যাহত হৈছে। কিছুমান অঞ্চলত বিদ্যালয় বন্ধ ৰখা হৈছে। ৰে’ল চলাচলত ব্যাঘাত জন্মাৰ লগতে বিশাখাপট্টনম আৰু বিজয়ৱাড়ালৈ যোৱা কেইবাখনো বিমানৰ সেৱা বাতিল কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে বুধবাৰ আৰু বৃহস্পতিবাৰেও বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ আশংকা প্ৰকাশ কৰিছে। আনহাতে, বাতৰি যুগুতোৱাৰ সময়লৈকে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত ঘূৰ্ণীবতাহৰ ফলত কোনো লোকৰ মৃত্যু হোৱা বুলি খবৰ পোৱা হোৱা নাই। পৰিস্থিতিৰ ওপৰত প্ৰশাসনে নজৰ ৰাখিছে আৰু উদ্ধাৰকাৰী দলসমূহ সাজু কৰি ৰখা হৈছে।