আগৰতলা, ২৭ নৱেম্বৰ: ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত পুৱাৰ ভাগত প্ৰায় ১৮ শতাংশ ভোটদান সাব্যস্ত হৈছে। ভোটগ্ৰহণ প্ৰক্ৰিয়াক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰো সৃষ্টি হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মাণিক সৰকাৰে শাসকীয় বিজেপিৰ সমৰ্থকসকলৰ বিৰুদ্ধে বিভিন্ন স্থানত বুথ দখলৰ গুৰুতৰ অভিযোগ তুলিছে। নিৰ্বাচন আয়োগৰ বিষয়াসকলে অৱশ্যে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে চলি থকা বুলি জনাইছে।
শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ১৬টা নগৰীয়া স্থানীয় নিকায়ত ভোটগ্ৰহণ আৰম্ভ হয়। ইয়াৰ ভিতৰত আগৰতলা পৌৰ নিগম, পৌৰ পৰিষদ আৰু নগৰ পঞ্চায়তসমূহো আছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব অনুৰাগ সেনে জানিবলৈ দিয়া মতে, পুৱা ৯ বজালৈ প্ৰায় ১৮ শতাংশ ভোটদান সাব্যস্ত হয়। প্ৰাৰম্ভিক পৰ্যায়ত দুটাৰ পৰা তিনিটা ইভিএমত কাৰিকৰী বিজুতি দেখা দিয়াত সেইবোৰ সলনি কৰা হয় আৰু ইয়াৰ বাহিৰে ভোটগ্ৰহণত কোনো ডাঙৰ বাধাৰ সৃষ্টি হোৱা নাই বুলি বিষয়াগৰাকীয়ে জনায়।
আগৰতলাত ভোটদান কৰি ওলাই অহাৰ পাছত মাণিক সৰকাৰে সাংবাদিকৰ আগত অভিযোগ কৰে যে কৈলাশহৰ, কুমাৰঘাট, পানীসাগৰ আৰু সাব্ৰুমকে ধৰি কেইবাটাও অঞ্চলত বিজেপিৰ সমৰ্থকে বুথ দখল কৰাৰ খবৰ পোৱা গৈছে। কিছুমান স্থানত ভোটগ্ৰহণ চলি থাকিলেও আন কেইবাটাও বুথত অনিয়ম সংঘটিত হৈছে বুলি তেওঁ দাবী কৰে। লগতে প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ আৰু মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগো তেওঁ উত্থাপন কৰে। অৱশ্যে তেওঁ নিজে ভোটদান কৰোঁতে কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল বুলি উল্লেখ কৰে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ৰাজ্যজুৰি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকা বুলি দাবী কৰাৰ পিছত সৰকাৰে চৰকাৰী দাবীৰ ওপৰত নিৰ্ভৰ নকৰি ঘটনাস্থলীলৈ গৈ পৰিস্থিতি পৰীক্ষা কৰিবলৈ আহ্বান জনায়।
এই নিৰ্বাচনত মুঠ ৫,৬৫,৫১৩গৰাকী ভোটাৰ আছে। ইয়াৰে ২,৭৬,৬৩১গৰাকী পুৰুষ, ২,৮৮,৮৩৯গৰাকী মহিলা আৰু ৪৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ। নিৰ্বাচন পৰিচালনাৰ বাবে প্ৰায় ৪,৬০০গৰাকী কৰ্মচাৰী নিয়োগ কৰা হৈছে। নিৰাপত্তা ব্যৱস্থাৰ বাবে ত্ৰিপুৰা আৰক্ষী আৰু ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ প্ৰায় ৭,০০০ জোৱানৰ লগতে ৩৯টা কোম্পানীৰ প্ৰায় ৩,০০০ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে। বিচ্ছিন্ন কেইটামান ঘটনা ঘটিলেও তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।