শ্ৰীভূমি, ২৮ নৱেম্বৰ: গুজৰাটৰ বৰোদৰাস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসমৰ যুৱক ছাহাৰুল ইছলামৰ বাসগৃহত অভিযান চলাইছে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী শাখা চমুকৈ এটিএছে। শ্ৰীভূমি জিলাৰ পূব টঙ্গিবাৰী অঞ্চলত থকা ছাহাৰুলৰ দুটা ঘৰত এই তালাচী চলোৱা হয়। গুজৰাট এটিএছৰ চাৰিগৰাকী বিষয়াৰ উপস্থিতিত স্থানীয় আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হয়। তালাচীৰ সময়ত তদন্তকাৰী দলটোৱে কেইবাখনো নথি-পত্ৰৰ লগতে এটা বেগ জব্দ কৰে।
তদন্তকাৰী সংস্থাৰ মতে, পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সৈতে ছাহাৰুলৰ যোগাযোগ আছিল। বৰোদৰা বায়ুসেনা ঘাটিৰ প্ৰৱেশদ্বাৰৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে।
ইতিমধ্যে তদন্তকাৰী সংস্থাই ছাহাৰুলৰ ম’বাইল ফোনৰ পৰা ঘাটিটোৰ বিভিন্ন ছবি, মেপ আৰু হোৱাটছএপৰ কথোপকথন উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।
স্থানীয় সূত্ৰৰ মতে, ছাহাৰুলে আছিমগঞ্জ অঞ্চলৰ এখন মাদ্ৰাছাৰ উপৰি উত্তৰ প্ৰদেশৰ দেওবন্দৰ মাদ্ৰাছাতো কিছুদিন অধ্যয়ন কৰিছিল। দেওবন্দত থকাৰ সময়তে কোনো লোকৰ জৰিয়তে জইছৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল নেকি, সেই দিশটোও তদন্তৰ আওতালৈ অনা হৈছে।