কাবুল, ২৮ নৱেম্বৰ: আফগানিস্তানৰ পূব প্ৰান্তৰ কুনাৰ প্ৰদেশৰ এখন বিদ্যালয়ত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত কমেও ৭ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে। শনিবাৰে সংঘটিত এই শোকাৱহ ঘটনাত প্ৰায় ৯৯ জন লোক আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, কুনাৰ প্ৰদেশৰ আণ্ডাৰছিৰ অঞ্চলৰ এখন বিদ্যালয়ত এই বিস্ফোৰণটো ঘটে। কুনাৰ প্ৰাদেশিক আৰক্ষী মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ফৰিদ দেহকানে জনোৱা মতে, শনিবাৰে পুৱা প্ৰায় ১০ বজাত আণ্ডাৰ ছেৰ অঞ্চলৰ বিদ্যালয়খনত বিস্ফোৰণটো সংঘটিত হয়। এই ঘটনাত কেইবাগৰাকীও শিক্ষাৰ্থী নিহত হোৱাৰ লগতে বহু লোক আহত হোৱাৰ কথা তেওঁ নিশ্চিত কৰে। অৱশ্যে প্ৰথম অৱস্থাত আৰক্ষীৰ তৰফৰ পৰা হতাহতৰ সঠিক সংখ্যা বিতংভাৱে প্ৰকাশ কৰা হোৱা নাছিল।

বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পিছতে কুনাৰ প্ৰদেশৰ এটা তদন্তকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু তদন্ত আৰম্ভ কৰে। এই বিস্ফোৰণৰ আঁৰত কোন জড়িত আৰু কি উদ্দেশ্যত এই ঘটনা সংঘটিত হ'ল, সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।

শিক্ষানুষ্ঠানত সংঘটিত এই বিস্ফোৰণক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। আহতসকলৰ বৰ্তমানৰ অৱস্থা আৰু বিস্ফোৰণৰ আঁৰৰ কাৰণ সম্পৰ্কে অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত আছে।