নতুন দিল্লী, ২৫ নৱেম্বৰঃ হিন্দু ধৰ্মৰ পৱিত্ৰ প্ৰতীক ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা কাপোৰ পৰিধান কৰি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে আমেৰিকাৰ ছুপাৰমডেল কেন্ডেল জেনাৰ। ক’লা বিকিনিৰ ওপৰত হালধীয়া ৰঙৰ এখন চাৰং পৰিধান কৰা তেওঁৰ কেইখনমান ছবি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে একাংশ ভাৰতীয় ব্যৱহাৰকাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ভগ্নী কাইলি জেনাৰৰ সৈতে বাহামাছত হেইলী বিবাৰৰ ৩০সংখ্যক জন্মদিন উদ্‌যাপন কৰিবলৈ গৈছিল কেন্ডেল জেনাৰ। সেই সময়ৰ কেইখনমান ছবি কাইলি জেনাৰে ইনষ্টাগ্ৰামত পোষ্ট কৰে। ছবিত কেন্ডেলক ক’লা বিকিনিৰ ওপৰত সৰিয়হ-হালধীয়া ৰঙৰ এখন চাৰং মেৰিয়াই থকা দেখা গৈছে। উক্ত কাপোৰখনত হিন্দু ধৰ্মৰ পৱিত্ৰ প্ৰতীক ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন অংকিত হৈ আছিল।

ছবিসমূহ প্ৰকাশ পোৱাৰ পাছতে এক্স আৰু ৰেডিটৰ দৰে সামাজিক মাধ্যমত বিষয়টোক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হয়। একাংশ ভাৰতীয় ব্যৱহাৰকাৰীয়ে পৱিত্ৰ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰতীকক এনেদৰে সাধাৰণ ফেশ্বন বা সাগৰ-সৈকতৰ সাজ-পোছাক হিচাপে ব্যৱহাৰ কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকৰ মতে, ‘ওঁ’ কেৱল কোনো সাজোন-কাচোনৰ আৰ্হি নহয়, হিন্দু ধৰ্মত ইয়াৰ গভীৰ আধ্যাত্মিক তাৎপৰ্য আছে।

একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে ‘ওঁ’ প্ৰতীকটো আধ্যাত্মিক সাধনা আৰু শ্ৰদ্ধাৰ সৈতেহে জড়িত, ই কোনো ক্ষণস্থায়ী ফেশ্বনৰ বস্তু নহয়। আন একাংশ লোকে ধৰ্মীয় প্ৰতীকৰ প্ৰতি অধিক সংবেদনশীল আৰু সচেতন হ’বলৈ আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলক আহ্বান জনায়।

অৱশ্যে এই বিতৰ্কক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াও দেখা গৈছে। কিছুসংখ্যকৰ মতে, কেন্ডেল জেনাৰে হয়তো প্ৰতীকটোৰ ধৰ্মীয় গুৰুত্ব সম্পৰ্কে জ্ঞাত নাছিল। আনহাতে, আন একাংশই প্ৰশ্ন উত্থাপন কৰে যে টি-চাৰ্ট বা সাধাৰণ পোছাকত ‘ওঁ’ চিহ্ন থাকিলে আপত্তি নকৰাসকলে বিকিনিৰ সৈতে একেটা চিহ্ন পৰিধান কৰিলে কিয় ভিন্ন মনোভাৱ প্ৰকাশ কৰে।

এই পৰ্যন্ত ছুপাৰমডেল কেন্ডেল জেনাৰে এই বিতৰ্ক সন্দৰ্ভত কোনো স্পষ্টীকৰণ বা ৰাজহুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।