নতুন দিল্লী, ২৭ নৱেম্বৰ: মাত্ৰ ১৬ বছৰ বয়সতে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইৰ ক্ষেত্ৰখনত বিশেষ পৰিচয় গঢ়ি তোলা ভাৰতীয় কিশোৰ ৰাউল জন অজুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিছে। মস্কোত পুটিনৰ সৈতে সাক্ষাৎ কৰাৰ পাছতে কিশোৰগৰাকীৰ প্ৰযুক্তিগত যাত্ৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে।

মস্কোত অনুষ্ঠিত ‘এআই জাৰ্নি ২০২৬’ সন্মিলনত ৰাউলে ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰে। পাছত তেওঁ সামাজিক মাধ্যমত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে একেলগে তোলা এখন ফটো প্ৰকাশ কৰে। ৯ বছৰ বয়সত প্ৰথমটো ভিডিঅ’ নিৰ্মাণ কৰাৰ পৰা ১৬ বছৰ বয়সত পুটিনৰ সৈতে ফটো তোলালৈকে এই যাত্ৰা কল্পনাৰো অগোচৰ আছিল বুলি কিশোৰগৰাকীয়ে প্ৰকাশ কৰে। এই সন্মিলনত বিশ্বৰ আগশাৰীৰ এআই গৱেষক আৰু প্ৰযুক্তি বিশেষজ্ঞসকলক লগ পোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

কেৰালাৰ বাসিন্দা ৰাউল সৰুৰে পৰাই প্ৰযুক্তিৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল। ভিডিঅ’ সম্পাদনাৰ পৰা আৰম্ভ কৰি পাছলৈ তেওঁ ৰবটিক্স আৰু এআইৰ দিশে অগ্ৰসৰ হয়। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ প্ৰথমটো ৰবট নিৰ্মাণ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ ১০টাতকৈও অধিক এআই-ভিত্তিক সঁজুলি প্ৰস্তুত কৰে আৰু ‘এআই ৰিয়েলম টেকন’লজিছ’ নামৰ এক প্ৰতিষ্ঠান গঢ়ি তোলে। বিদ্যালয়ৰ বিজ্ঞান প্ৰদৰ্শনীৰ বাবে তেওঁ ‘মিবট’ নামৰ এটা প্ৰকল্পও প্ৰস্তুত কৰিছিল। ডেবিট বা ক্ৰেডিট কাৰ্ড নথকা লোকসকলেও যাতে কিউআৰ কোডৰ জৰিয়তে ডিজিটেল লেনদেন কৰিব পাৰে, তাৰ বাবেও তেওঁৰ প্ৰতিষ্ঠানে কাম কৰি আহিছে।

ৰাজহুৱা সেৱাত এআই ব্যৱহাৰৰ সন্দৰ্ভত কেৰালা আৰু ডুবাই চৰকাৰেও এই কিশোৰগৰাকীৰ পৰামৰ্শ বিচাৰিছে। অতি কম বয়সতে ৰবটিক্স আৰু এআইৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰা ৰাউলে অৱশ্যে নিজৰ এই যাত্ৰাক এতিয়াও শিকাৰ এক অবিৰত প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে।