গুজৰাট, ৩০ অক্টোবৰ: পশ্চিম এছিয়াৰ সংঘাতক কেন্দ্ৰ কৰি দেশত সাৰ আৰু ৰন্ধন গেছৰ নাটনিৰ উৰাবাতৰি বিয়পাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ অভিযোগ বিৰোধী দলসমূহৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে গুজৰাটৰ বনাসকণ্ঠাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ অনিশ্চয়তাৰ মাজতে একাংশ ৰাজনৈতিক প্ৰতিপক্ষই কৃষক আৰু সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে।
মোদীয়ে দাবী কৰে যে, সাৰৰ নাটনি হ’ব বুলি প্ৰচাৰ চলোৱাৰ ফলত কৃষকসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে আৰু ৰন্ধন গেছৰ যোগানক লৈ বিয়পোৱা ভুল তথ্যই মহিলাসকলক চিন্তিত কৰি তুলিছে। তেওঁৰ অভিযোগ, এনে প্ৰচাৰৰ উদ্দেশ্য হৈছে দেশত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰা আৰু চৰকাৰৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰা।
প্ৰধানমন্ত্ৰীয়ে কয় যে, পশ্চিম এছিয়াত যুদ্ধসদৃশ পৰিস্থিতি অব্যাহত থকাৰ পাছতো তেওঁৰ চৰকাৰে কৃষকসকলৰ বাবে সাৰৰ নাটনি হ’বলৈ দিয়া নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰৰ দাম বৃদ্ধি পোৱাৰ ফলত কৃষকৰ ওপৰত যাতে অতিৰিক্ত বোজা নপৰে, তাৰ বাবেও চৰকাৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত চৰকাৰে ১৬ লাখ কোটি টকা ব্যয় কৰা বুলি মোদীয়ে ভাষণত দাবী কৰে।
সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ২৪সংখ্যক কিস্তিও মুকলি কৰে। এই কিস্তিৰ জৰিয়তে দেশৰ কৃষকসকলৰ বেংক একাউণ্টলৈ মুঠ ১৯ হাজাৰ কোটি টকা প্ৰেৰণ কৰা হৈছে বুলি তেওঁ ঘোষণা কৰে।
কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ মতে, কৃষি আৰু পশুপালনক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰাৰ ফলত কৃষি ব্যৱস্থাত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। দেশত ২৬ কোটিৰো অধিক Soil Health Card প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
গুজৰাট ভ্ৰমণৰ সময়ত মোদীয়ে বনাসকণ্ঠাৰ ভিলডিত ১২৭ একৰ ভূমিত নিৰ্মাণ কৰা ভাৰত ব’ভাইন ব্ৰীডিং এণ্ড ৰিছাৰ্চ চেণ্টাৰ উদ্বোধন কৰে। ইয়াৰ উপৰি বনাস ডেইৰীৰ উদ্যোগত থাৰাড আৰু ৰাধনপুৰত নিৰ্মাণ হ’বলগীয়া দুটা Bio-CNG প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্প দুটাত দৈনিক ক্ৰমে ৭৫ মেট্ৰিক টন আৰু ১০০ মেট্ৰিক টন গোবৰ প্ৰক্ৰিয়াকৰণৰ পৰিকল্পনা কৰা হৈছে।
ইয়াৰ লগতে প্ৰায় ১.৪৬ লাখ হেক্টৰ ভূমি সামৰি ১২টা অনুমোদিত উদ্যানশস্য গোটৰ কাম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পসমূহৰ পৰা ১.৩ লাখৰো অধিক কৃষক উপকৃত হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।