বানাসকাঁঠা, ৩০ অক্টোবৰ: “জীৱনৰ অন্তিম মুহূৰ্তলৈকে জনতাৰ সেৱাত নিয়োজিত হৈ থাকিম।” শুকুৰবাৰে গুজৰাটৰ বানাসকাঁঠা জিলাৰ ভিলডীত এখন ৰাজহুৱা সভাত ভাষণ দি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্য কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ শেহতীয়া বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে আহিছে। অৱশ্যে মোদীয়ে নিজৰ বক্তব্যত কাৰো নাম উল্লেখ নকৰাকৈ বিৰোধীক লক্ষ্য কৰি সমালোচনা কৰে।

মোদীয়ে কয় যে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে চৰকাৰী দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা জনসেৱাই তেওঁৰ জীৱনৰ মূল লক্ষ্য হৈ আহিছে। সাধাৰণ পৰিয়ালৰ পৰা অহা এজন ব্যক্তিক গুজৰাটৰ লগতে সমগ্ৰ দেশৰ সেৱাৰ সুযোগ দিয়াৰ বাবে তেওঁ দেশবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

তেওঁ লগতে কয়, জনতাৰ সেৱাই দেশৰ সেৱাৰ পথ মুকলি কৰে। গুজৰাটৰ উন্নয়নে দেশৰ উন্নয়নতো অৰিহণা যোগায়। দেশৰ বাবে তেওঁ যিখিনি কাম কৰিবলৈ সক্ষম হৈছে, তাৰ কৃতিত্ব দেশবাসীৰ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

ভাষণত মোদীয়ে ইৰাণ যুদ্ধ আৰু উপসাগৰীয় অঞ্চলৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত সাৰ আৰু LPGৰ নাটনি হ’ব বুলি একাংশই উৰাবাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। এনে প্ৰচাৰৰ উদ্দেশ্য তেওঁৰ চৰকাৰক বদনাম কৰা বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে।

কৃষকৰ প্ৰসংগত তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰৰ মূল্য বৃদ্ধি পালেও সেই অতিৰিক্ত বোজা কৃষকৰ ওপৰত পৰিবলৈ দিয়া নাই চৰকাৰে। PM-KISAN Samman Nidhi আঁচনিৰ অধীনত ক্ষুদ্ৰ কৃষকসকলক ৪.৫ লাখ কোটি টকা প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, বানাসকাঁঠাৰ ভিলডীত Bharat Bovine Breeding and Research Centre উদ্বোধন কৰাৰ লগতে অঞ্চলটোত ১৪ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীও উপস্থিত আছিল।