লক্ষ্ণৌ, ৩০ অক্টোবৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত BJP পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যখনত Uniform Civil Code (UCC) বলৱৎ কৰা হ’ব। শুকুৰবাৰে লক্ষ্ণৌত BJPৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বৈঠকত দলীয় নেতা-কৰ্মীসকলক সম্বোধন কৰি শ্বাহে কয়, “এইবাৰ চৰকাৰ গঠন হ’লে উত্তৰ প্ৰদেশত UCC বলৱৎ কৰা হ’ব। বহু ৰাজ্যত ইতিমধ্যে UCC বলৱৎ কৰা হৈছে। আপোনালোকে উত্তৰ প্ৰদেশত BJPৰ চৰকাৰ গঠন কৰক, আমি ইয়াত UCC বলৱৎ কৰিম।”
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে অনুষ্ঠিত এই বৈঠকত শ্বাহে BJP পুনৰ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে। সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱক লক্ষ্য কৰি তেওঁ কয় যে অহা ৩০ বছৰলৈ উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব।
বৈঠকত BJPৰ ৰাজ্যিক সভাপতি পংকজ চৌধুৰীয়েও আগন্তুক নিৰ্বাচনক ‘বিনাশ বনাম বিকাশ’ আৰু ‘জাতিবাদ বনাম ৰাষ্ট্ৰবাদ’ৰ যুঁজ হিচাপে অভিহিত কৰে। তেওঁ দলীয় কৰ্মীসকলক প্ৰতিৰক্ষামূলক ভূমিকা এৰি তথ্য আৰু যুক্তিৰে বিৰোধীৰ অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনায়।
শ্বাহে দলীয় কৰ্মীসকলক আভ্যন্তৰীণ মতভেদ আৰু অসন্তুষ্টি আঁতৰাই নিৰ্বাচনৰ প্ৰস্তুতিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। প্ৰতিটো বুথতে দলৰ সাংগঠনিক কাম-কাজ শক্তিশালী কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে, Uniform Civil Code বা UCCৰ লক্ষ্য হৈছে বিবাহ, বিবাহ-বিচ্ছেদ, উত্তৰাধিকাৰ আৰু দত্তক গ্ৰহণৰ দৰে ব্যক্তিগত বিষয়ত সকলো নাগৰিকৰ বাবে একে ধৰণৰ আইন প্ৰৱৰ্তন কৰা। এই বিষয়টো BJPৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰতিশ্ৰুতি হিচাপে দীৰ্ঘদিন ধৰি চৰ্চাত আছে।
আনহাতে, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে UCC বলৱৎ কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি ইয়াক বলৱৎ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে। ফলত ২০২৭ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে UCCক লৈ ৰাজনৈতিক বিতৰ্ক অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে।