গুৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটী প্ৰেছ ক্লাব আৰু ইনলি ফাউণ্ডেচনৰ উদ্যোগত অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব প্ৰয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃ সংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্ৰতিযোগিতা। সংবাদমাধ্যমৰ সৈতে জড়িত প্ৰতিযোগীসকলৰ বাবে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাত একক আৰু দ্বৈত—দুয়োটা শাখা মিলি একোটা সংবাদ প্ৰতিষ্ঠানৰ পৰা সৰ্বাধিক ছগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব।
একক আবৃত্তি শাখাৰ বাবে আয়োজকে পাঁচটা কবিতা নিৰ্বাচন কৰিছে। সেইকেইটা হৈছে নৱকান্ত বৰুৱাৰ ‘এন্ধাৰ ৰাতিৰ ইলিজী’, নীলমণি ফুকনৰ ‘স্বপ্নবাসৱদত্তা’, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’, হেম বৰুৱাৰ ‘জাৰৰ দিনৰ সপোন’ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘নতুন’। প্ৰতিযোগীসকলে এই কবিতাসমূহৰ যিকোনো এটা আবৃত্তি কৰিব লাগিব। একক আবৃত্তিত শাৰীৰ পুনৰাবৃত্তি আৰু সংগীত বা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
আনহাতে, দ্বৈত আবৃত্তি শাখাৰ বাবে নিৰ্বাচিত কবিতাকেইটা হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘ইয়ে অগ্নি-বীণাৰ তান’, নলিনীবালা দেৱীৰ ‘জন্মভূমি’, ভূপেন হাজৰিকাৰ ‘ভাঙ্-শিল ভাঙ্’, প্ৰসন্নলাল চৌধুৰীৰ ‘কাঠ ফালোটাৰ গান’ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘চিৰবিদ্ৰোহী’।
দ্বৈত আবৃত্তিৰ বাবে দুজন পুৰুষ, দুগৰাকী নাৰী অথবা এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীৰে দল গঠন কৰিব পাৰিব। এই শাখাত কবিতাৰ কিছুমান শাৰী বা অংশৰ পুনৰাবৃত্তি কৰাৰ অনুমতি আছে। অৱশ্যে কবিতাৰ শাৰীবোৰ দুয়োগৰাকী প্ৰতিযোগীয়ে একেলগে আবৃত্তি কৰিব লাগিব। এজন প্ৰতিযোগীয়ে এটা শাৰী আৰু আনজনে পৰৱৰ্তী শাৰী আবৃত্তি কৰিব নোৱাৰিব। এই শাখাত সৰ্বাধিক দুটা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব।
প্ৰতিযোগীসকলে চাই বা নোচোৱাকৈ কবিতা আবৃত্তি কৰিব পাৰিব। লগতে মাৰ্জিত সাজ-পোছাক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদকৰ সৈতে যোগাযোগ কৰি প্ৰতিযোগিতাৰ বিষয়ে অধিক তথ্য লাভ কৰিব পাৰিব। প্ৰতিখন সংবাদ প্ৰতিষ্ঠানক অহা ৫ নৱেম্বৰৰ ভিতৰত প্ৰতিযোগীসকলৰ নাম জমা দিবলৈ আহ্বান জনাইছে আয়োজকসকলে।