গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চলি থকা আন্দোলনক লৈ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা নীলমণি সেন ডেকাই। তেওঁৰ অভিযোগ, অখিল গগৈ, আছু, বদৰুদ্দিন আজমল আৰু আলফাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে সুৰক্ষা দি আহিছে। চৰকাৰ বিপদত পৰিলেই এই পক্ষসমূহে বিভিন্ন আন্দোলনৰ অজুহাত উলিয়ায় বুলিও দাবী কৰে তেওঁ।

সেন ডেকাৰ মতে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি জনজাগৰণ বৃদ্ধি পোৱাৰ সময়তে অখিল গগৈ আৰু আছুৱে আন্দোলন আৰম্ভ কৰিছে। তেওঁৰ অভিযোগ, এই আন্দোলনৰ জৰিয়তে চৰকাৰক ৰাজনৈতিক চাপৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলিছে। অৱশ্যে এই মন্তব্যসমূহ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৰাজনৈতিক অভিযোগ।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)ৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে নীলমণি সেন ডেকাই। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ব্যক্তিয়ে হত্যা কৰাৰ লগতে আন চাৰিজনে সহায় কৰাৰ কথা উল্লেখ কৰা বুলি দাবী কৰি তেওঁ প্ৰশ্ন কৰে—SITয়ে মুখ্যমন্ত্ৰীক জেৰা কৰিছেনে? পবিত্ৰ মাৰ্ঘেৰিটাক জেৰা কৰা হৈছেনে?

তদুপৰি, জুবিন গাৰ্গৰ সৈতে জড়িত অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰা কোম্পানী, এজেণ্ট আৰু অন্যান্য সংশ্লিষ্ট লোকসকলক SITয়ে অভিযুক্ত বা সাক্ষী হিচাপে জেৰা কৰিছেনে, সেই বিষয়েও স্পষ্টীকৰণ দাবী কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়, এই লোকসকলক জেৰা কৰা হোৱা নাই যদি আনন্দ কুমাৰ ভূঞাই দিয়া বক্তব্যক তেওঁ সমৰ্থন কৰিব। সেন ডেকাই আনন্দ কুমাৰ ভূঞাৰ বক্তব্যৰ উদ্ধৃতি দি দাবী কৰে যে চাৰ্জশ্বীটখন অভিযুক্তসকলক ৰেহাই দিয়াৰ লগতে চৰকাৰক সুৰক্ষা দিয়াৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।

মুখ্যমন্ত্ৰীক SITয়ে জেৰা নকৰালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায় লাভৰ বিষয়টো সন্দেহমুক্ত নহ’ব বুলিও মন্তব্য কৰে তেওঁ। একে সময়তে চৰকাৰৰ সততাক লৈও প্ৰশ্ন উত্থাপন কৰি সেন ডেকাই কয় যে চৰকাৰৰ পক্ষৰ পৰা নিযুক্ত কৰা অধিবক্তাৰ সলনি জুবিনৰ পত্নী গৰিমা গাৰ্গক নিজৰ পছন্দ অনুসৰি অধিবক্তা বাছনি কৰাৰ সুযোগ দিব লাগে আৰু তাৰ খৰচ চৰকাৰে বহন কৰিব লাগে।

তেওঁৰ অভিযোগ, চৰকাৰে এনে প্ৰস্তাৱ নিদিয়াৰ আঁৰত ঘটনাটোৰ সৈতে চৰকাৰৰ সম্পৰ্ক থকাৰ সন্দেহৰ সৃষ্টি হৈছে। অখিল গগৈ, আছু আৰু আলফাৰ আন্দোলনে চৰকাৰক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে বুলিও পুনৰ দাবী কৰে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই।