ডিমৰীয়া: ডিমৰীয়াত ৪২ বিঘা মাটিত Fartichem Inochem LLPৰ উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি দেওবাৰে তিৱা ছাত্ৰ সন্থা, আমেৰিকাৰী ছাত্ৰ সন্থা আৰু আক্ৰাছুকে ধৰি কেইবাটাও দল-সংগঠনে এই প্ৰকল্প বন্ধৰ দাবী জনায়। দাবী মানি নল'লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনসমূহে।
সংগঠনসমূহৰ অভিযোগ, ডিমৰীয়া ইতিমধ্যে প্ৰদূষণকাৰী উদ্যোগেৰে ভৰি পৰা এক ঔদ্যোগিক অঞ্চলত পৰিণত হৈছে। তেনে সময়তে ৪২ বিঘা মাটিত Fartichem Inochem LLP নামৰ কোম্পানী সংলগ্ন কৰা হৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে।
তেওঁলোকৰ মতে, ইয়াৰ আগতে Progressive Fartichem নামৰ এক প্ৰদূষণকাৰী উদ্যোগ আছিল। অজৈৱিক তথা ৰাসায়নিক সাৰ উৎপাদনৰ পাছত ওলোৱা বৰ্জ্য পদাৰ্থ খেতিপথাৰত পেলোৱাৰ ফলত ওচৰ-পাজৰৰ ২-৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ জান-জুৰি, নলা-নৰ্দমা আৰু জলজ জীৱৰ ক্ষতি হৈছে বুলি সংগঠনসমূহে অভিযোগ কৰে।
সংগঠনসমূহে আৰু অভিযোগ কৰে যে, ব্লিচিং, ক'ষ্টিক পাউডাৰ, ইথিলিন আৰু ৩০ শতাংশ পলিথিনৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা আন এক উদ্যোগো তাত সংলগ্ন কৰা হৈছে। ইয়াৰ উপৰি ২৫ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ কথাও উল্লেখ কৰি তেওঁলোকে কয়, ই অঞ্চলটোৰ মাটি, পানী আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে বিপদজনক হ'ব পাৰে।
শনিবাৰে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে এই সন্দৰ্ভত শুনানি অনুষ্ঠিত কৰিছিল বুলি সংগঠনসমূহে জনায়। স্থানীয় ৰাইজক নজনোৱাকৈ শুনানি অনুষ্ঠিত কৰাৰ অভিযোগ তুলি তেওঁলোকে ইয়াক অবৈধ বুলি দাবী কৰিছে।
প্ৰায় ₹৫৪৩ কোটি টকাৰ এই কোম্পানীটো স্থাপনৰ কথা উল্লেখ কৰি সংগঠনসমূহে কয়, নিয়োগৰ প্ৰতিশ্ৰুতি থাকিলেও অঞ্চলটোৰ পৰিৱেশ ধ্বংস হ'বলৈ দিয়া নহ'ব। শীঘ্ৰে উদ্যোগটো বন্ধ নকৰিলে যৌথভাৱে আন্দোলন চলিব বুলি তেওঁলোকে সকীয়াই দিয়ে।