টকিঅ’, ১ নৱেম্বৰ: দেওবাৰে পুৱতি নিশা জাপানৰ মিয়ে প্ৰিফেকচাৰৰ উপকূলীয় অঞ্চলত ৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পটোৰ ফলত বৰ্তমানলৈকে কোনো লোকৰ মৃত্যু বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
US Geological Survey (USGS)-ৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ অভিকেন্দ্ৰ মিয়ে প্ৰিফেকচাৰৰ ৰাজধানী চু চহৰৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দক্ষিণে সাগৰৰ তলত অৱস্থিত আছিল। ভূমিকম্পটোৰ উৎপত্তিস্থল সাগৰৰ তলত প্ৰায় ৩৫২ কিলোমিটাৰ গভীৰতাত আছিল।
ভূমিকম্পৰ পাছত কোনো ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই। আনহাতে, European-Mediterranean Seismological Centre-ৰ ৱেবছাইটত স্থানীয় বাসিন্দাসকলে দীৰ্ঘ সময় ধৰি কম্পন অনুভৱ কৰাৰ কথা প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, প্ৰথমে কম্পন মৃদু আছিল যদিও ক্ৰমাৎ ইয়াৰ তীব্ৰতা বৃদ্ধি পাইছিল।
উল্লেখ্য যে, চু চহৰত ২.৫ লাখতকৈ অধিক লোকৰ বসতি আছে।