নতুন দিল্লী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়কৰ নতুন খচৰাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সেৱা তীৰ্থত অনুষ্ঠিত কেবিনেট বৈঠকত এই বিধেয়কখনত অনুমোদন দিয়া হয়। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনত বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনা আছে। নতুন বিধেয়কখনত এনে কিছুমান সংশোধনী অন্তৰ্ভুক্ত কৰা হৈছে, যাতে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত লোকসভাত ৰাজ্যসমূহৰ বৰ্তমানৰ আনুপাতিক প্ৰতিনিধিত্ব হ্ৰাস নাপায়। এই ব্যৱস্থাৰ জৰিয়তে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত ৰাজ্যসমূহৰ মাজত আসনৰ অংশীদাৰিত্বৰ ভাৰসাম্য সলনি হোৱাৰ আশংকা দূৰ কৰাৰ লক্ষ্য লোৱা হৈছে।
২০২৩ চনত সংসদত গৃহীত হোৱা 'নাৰী শক্তি বন্দন অধিনিয়ম'ৰ অধীনত লোকসভা আৰু ৰাজ্য বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে আইনখন কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়াটো জনগণনা আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে সংযুক্ত হৈ আছে। ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নতুন বিধেয়কখন আগবঢ়াই নিছে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাত চৰকাৰ ব্যৰ্থ হৈছিল। সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ সংসদৰ দুয়োখন সদনতে বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। এইবাৰ বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সমৰ্থন লাভ কৰা যাব বুলি চৰকাৰী পক্ষই দাবী কৰিছে।
ডিএমকে, এনচিপি আৰু বিআৰএছে বিধেয়কখনক সমৰ্থন জনাব পাৰে বুলি চৰ্চা চলিছে। আনহাতে বিৰোধী 'ইণ্ডিয়া' মিত্ৰজোঁটে বিধেয়কখনৰ বিৰোধিতা কৰিছে আৰু বিধেয়কখন সন্দৰ্ভত কৌশল নিৰ্ধাৰণ কৰিবলৈ বিৰোধী দলসমূহ শনিবাৰে এক বৈঠকত মিলিত হোৱাৰ কথা।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে জানিবলৈ দিয়া অনুসৰি, লোকসভাৰ বৈঠক ৩০ নৱেম্বৰত আৰু ৰাজ্যসভাৰ বৈঠক ২ ডিচেম্বৰত পুনৰ আৰম্ভ হ'ব। চৰকাৰী কাম-কাজৰ প্ৰয়োজন অনুসৰি দুয়োখন সদনৰ বৈঠক ৩ ডিচেম্বৰত সামৰণি পৰিব পাৰে।