নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক তীব্ৰ বিৰোধিতা কৰিছে ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ সহ-আহ্বায়ক তথা অনুসন্ধানমূলক সাংবাদিক সৌৰভ দাসে। দেওবাৰে নতুন দিল্লীৰ প্ৰেছ ক্লাব অৱ ইণ্ডিয়াত সম্বোধন কৰা এক সংবাদমেলত তেওঁ সকীয়াই দিয়ে যে বিধেয়কখন সংসদত গৃহীত হ’লে ভৱিষ্যতে নিৰ্বাচনৰ জৰিয়তে বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱাটো অত্যন্ত কঠিন হৈ পৰিব পাৰে।

সংবাদমেলত অভিযোগ উত্থাপন কৰি দাসে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন (এছআইআৰ)-ৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তন কৰিছে আৰু এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে নিৰ্বাচনী সমীকৰণ সলনি কৰাৰ চেষ্টা চলাইছে। পৰৱৰ্তী সময়ত ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা কাৰ্যকৰী হ’লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

দাসে কয় যে প্ৰতিগৰাকী ভোটাৰৰ মূল্য সমান। কিন্তু এছআইআৰ, সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু এক দেশ, এক নিৰ্বাচন একেলগে কাৰ্যকৰী কৰিলে শাসকীয় দলক নিৰ্বাচনত পৰাজিত কৰাটো কঠিন হৈ পৰিব পাৰে, যিটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক গুৰুতৰ সংকট।

চিজেপিয়ে বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰা বুলি উল্লেখ কৰি নেতাগৰাকীয়ে দাবী কৰে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে এনেদৰে সীমা নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত বিজেপি লাভৱান হ’ব। ইয়াৰ উপৰি সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ ক্ষমতা আৰু সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সুযোগ সীমিত হোৱাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে।

বিধেয়কখন সমৰ্থন কৰিব বিচৰা বিৰোধী দলসমূহকো সকীয়াই দি দাসে কয় যে যিবোৰ ৰাজনৈতিক দলে এই বিধেয়ক গৃহীত কৰাত সহায় কৰিব, তেওঁলোকক দেশৰ যুৱ প্ৰজন্মই কেতিয়াও ক্ষমা নকৰিব। সেয়েহে সকলো বিৰোধী দলকে বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ তেওঁ আহ্বান জনায়।

মহিলা সংৰক্ষণ সন্দৰ্ভতো মত প্ৰকাশ কৰি তেওঁ কয় যে সংসদ আৰু বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰয়োজন আছে যদিও ২০২৯ চনলৈ সংৰক্ষণ পিছুৱাই দিয়াটো অনুচিত। সংৰক্ষণ প্ৰদানৰ সদিচ্ছা থাকিলে চৰকাৰে এতিয়াই সেয়া কাৰ্যকৰী কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব, নিবনুৱা সমস্যা, শিক্ষা আৰু স্বাস্থ্যৰ বিষয়সমূহ সংসদত অধিক গুৰুত্বসহকাৰে উত্থাপন কৰিবলৈ তেওঁ ৰাজনৈতিক দলসমূহক আহ্বান জনায়।