মুম্বাই, ২৮ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক কেন্দ্ৰ কৰি বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ মাজত মতভেদ বৃদ্ধি পোৱাৰ সময়তে এনচিপি (এছপি)ৰ মুৰব্বী শৰদ পাৱাৰৰ পক্ষত থিয় দিছে বিজেপি। বিধেয়কখনক সমৰ্থন জনোৱাৰ সম্ভাৱনাক লৈ কংগ্ৰেছে পাৱাৰক আক্ৰমণ কৰাৰ পাছতে গেৰুৱা দলটোৱে কংগ্ৰেছৰ বিৰুদ্ধে অকৃতজ্ঞতা আৰু দুমুখীয়া নীতিৰ অভিযোগ উত্থাপন কৰিছে।
সোমবাৰে লোকসভাত উত্থাপন হ’বলগীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনৰ সন্দৰ্ভত এনচিপি (এছপি)য়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক স্থিতি স্পষ্ট কৰা নাই। দলৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া সুলেই বিধেয়কখন বিতংভাৱে অধ্যয়ন কৰাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি জনাইছে যদিও মহিলা সংৰক্ষণৰ সৈতে বিধেয়কখনক সমৰ্থন জনোৱাৰ সিদ্ধান্ত দলটোৱে লৈছে বুলি দলীয় সূত্ৰত প্ৰকাশ পাইছে।
বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ নৱনাথ বানে কয় যে ১৯৯৯ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে শৰদ পাৱাৰে কংগ্ৰেছক সহায় কৰিছিল আৰু ২০১৯ চনতো তেওঁৰ উদ্যোগতে কংগ্ৰেছ পুনৰ শাসনলৈ আহিছিল। তেনেস্থলত এতিয়া কংগ্ৰেছে পাৱাৰক সমালোচনা কৰাটো তেওঁলোকৰ দ্বৈত চৰিত্ৰৰ প্ৰমাণ বুলি তেওঁ মন্তব্য কৰে।
মুখপাত্ৰগৰাকীয়ে লগতে কয় যে ১৯৯০ৰ দশকৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পাৱাৰেই স্থানীয় স্বায়ত্তশাসিত নিকায়সমূহত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। মহাৰাষ্ট্ৰৰ ৰাজহ মন্ত্ৰী চন্দ্ৰশেখৰ বাৱনকুলেই এনচিপি (এছপি)ৰ বিৰুদ্ধে কংগ্ৰেছৰ এই আক্ৰমণক হতাশা আৰু দুৰ্বলতাৰ বহিঃপ্ৰকাশ বুলি কটাক্ষ কৰে।
বিজেপি বিধায়ক পৰাগ আলাৱানীয়ে সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণক পৃথক কৰি চোৱা কংগ্ৰেছৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে বৰ্তমান বহু সমষ্টিত ২০ৰ পৰা ২৫ লাখ লোক আছে, যাৰ ফলত এজন প্ৰতিনিধিৰ বাবে কাম কৰাটো কঠিন হৈ পৰে। সমষ্টি সৰু হ’লে সাংসদ আৰু বিধায়কৰ সংখ্যা বৃদ্ধি পাব আৰু উন্নয়নমূলক কাম-কাজ অধিক ক্ষিপ্ৰ হ’ব বুলি তেওঁ যুক্তি দৰ্শায়।
ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা বিজয় ৱাডেট্টিৱাৰে শৰদ পাৱাৰৰ ৰাজনৈতিক অতীতৰ কথা উল্লেখ কৰি তেওঁক ‘বিশ্বাসঘাতকতা’ৰ অভিযোগেৰে সমালোচনা কৰিছিল। এনচিপি (এছপি)ৰ নেতাসকলে পাৱাৰৰ প্ৰতিটো পদক্ষেপ সাংবিধানিক পৰিসীমাৰ ভিতৰতে হোৱা বুলি দাবী কৰি প্ৰতিদ্বন্দ্বীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰখাটো গণতন্ত্ৰৰ অংশ বুলি প্ৰকাশ কৰে। জ্যেষ্ঠ ৰাজনীতিবিদ শৰদ পাৱাৰ বৰ্তমান মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।