আগৰতলা, ২৯ নৱেম্বৰ: ত্ৰিপুৰাৰ শেহতীয়া পৌৰ নিৰ্বাচনত ব্যাপক অনিয়ম, ভোটাৰক ভয়-ভাবুকি প্ৰদান আৰু প্ৰশাসনৰ পক্ষপাতিত্বৰ অভিযোগ তুলি ৰাজ্যখনৰ সাতটা ভোটগণনা কেন্দ্ৰত ভোটগণনা প্ৰক্ৰিয়া বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে চিপিআই(এম)এ। দেওবাৰে দলটোৰ ৰাজ্যিক সম্পাদক তথা বিৰোধী দলপতি জিতেন্দ্ৰ চৌধুৰীয়ে এই সিদ্ধান্তৰ কথা সদৰী কৰে। জিতেন্দ্ৰ চৌধুৰীয়ে অভিযোগ কৰা অনুসৰি, যোৱা ২৭ নৱেম্বৰত অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত বিৰোধী দলৰ প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট আৰু সাধাৰণ ভোটাৰক আক্ৰমণ কৰা হৈছিল। লগতে বহু ভোটকেন্দ্ৰত ভোটাৰ আৰু এজেণ্টসকলক প্ৰৱেশ কৰাত বাধা দিয়া হয়। শাসকীয় বিজেপিৰ সমৰ্থনত একাংশ লোকক ভোটদানৰ পৰা বঞ্চিত কৰাৰ লগতে আনকি একাংশ বিজেপি সমৰ্থকেও ভোট দিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি তেওঁ দাবী কৰে।
বিৰোধী দলসমূহৰ তৰফৰ পৰা নিৰ্বাচন আয়োগক এই বিষয়ে লিখিত অভিযোগ দাখিল কৰাৰ উপৰি বিভিন্ন প্ৰমাণ দাঙি ধৰা হৈছিল যদিও আয়োগে কোনো সন্তোষজনক স্পষ্টীকৰণ বা ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি চৌধুৰীয়ে অসন্তোষ প্ৰকাশ কৰে। নিৰ্বাচন আয়োগৰ নিৰপেক্ষ ভূমিকাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।
এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বেলোনিয়া, উদয়পুৰ, বিশ্ৰামগঞ্জ, বিশালগড়, খোৱাই আৰু আগৰতলা পৌৰ নিগমৰ অধীনৰ ভোটগণনা কেন্দ্ৰসমূহত ভোটগণনা প্ৰক্ৰিয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চিপিআই(এম)ৰ মতে, অভিযোগ উত্থাপিত হোৱা এই কেন্দ্ৰসমূহত গণনাত অংশ ল'লে নিৰ্বাচনী অন্যায় আৰু ভোট চুৰিৰ ঘটনাকে বৈধতা প্ৰদান কৰা হ'ব।
ইফালে বিজেপিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত বিৰোধী শিবিৰেও নিজৰ সাংগঠনিক দুৰ্বলতাসমূহ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি বিৰোধী দলপতিগৰাকীয়ে মন্তব্য কৰে। ভৱিষ্যতৰ নিৰ্বাচনৰ বাবে অধিক শক্তিশালী ৰাজনৈতিক কৌশল আৰু প্ৰস্তুতি গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।