আগৰতলা, ২৯ নৱেম্বৰ: ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই এজন বাংলাদেশী নাগৰিকৰ লগতে আন চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত চাৰিজন ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে অবৈধভাৱে সীমান্ত পাৰাপাৰত সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিষয়াসকলে জনোৱা অনুসৰি, ২৮ নৱেম্বৰত ত্ৰিপুৰাৰ উনচি নগৰ সীমান্ত অঞ্চলত এই অভিযান চলোৱা হয়। গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিকজন বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। অভিযানকালত নিৰাপত্তা বাহিনীয়ে এখন বগা ৰঙৰ বাহনো জব্দ কৰে। অবৈধভাৱে সীমান্ত পাৰাপাৰ কৰোৱাৰ বাবে এই বাহনখন ব্যৱহাৰ কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে আৰু প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত পাঁচোজন অভিযুক্তকে সংশ্লিষ্ট আদালতত হাজিৰ কৰোৱা হয়। অবৈধ অনুপ্ৰৱেশৰ আঁৰৰ কাৰণ আৰু কোনো আন্তঃসীমান্ত নেটৱৰ্ক জড়িত আছে নেকি, সেই দিশৰ তদন্ত বৰ্তমান অব্যাহত আছে।

যোৱা ২ নৱেম্বৰত ছেপাহিজলা জিলাৰ আশাবাৰীত বিএছএফৰ জোৱানৰ ওপৰত হোৱা আক্ৰমণৰ পাছৰে পৰা ত্ৰিপুৰাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত মুখ্যমন্ত্ৰী মানিক সাহাই তীক্ষ্ণ নজৰ ৰাখিছে। ৰাজ্যিক আৰক্ষী আৰু জিলা প্ৰশাসনেও সীমান্ত অঞ্চলসমূহত তহলদাৰী বৃদ্ধি কৰিছে।

ত্ৰিপুৰা আৰক্ষীৰ আইন-শৃংখলা শাখাৰ আৰক্ষী মহানিৰীক্ষক ইপ্পাৰ মাঞ্চাকে জনোৱা মতে, ২ নৱেম্বৰৰ ঘটনাত অসামাজিক কাৰ্যকলাপত জড়িত বুলি সন্দেহ কৰা লোকে বিএছএফৰ ওপৰত আক্ৰমণ চলাই অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। সেই ঘটনাৰ সৈতে জড়িত কেইবাগৰাকীও মহিলাসহ ২৪ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোক বৰ্তমান ন্যায়িক জিম্মাত আছে। বাকী অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।

আনহাতে সীমান্ত অঞ্চলত উচ্ছেদ অভিযান চলাই প্ৰশাসনে সাতটা অবৈধ নিৰ্মাণো ভাঙি পেলাইছে।