পাটনা, ২৯ নৱেম্বৰ: বিহাৰৰ ৰাজধানী পাটনাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা উত্তেজিত দলে কাৰ্যালয়টো লক্ষ্য কৰি শিলাবৰ্ষণ কৰাৰ লগতে ওচৰৰ কেইবাখনো বাহন আৰু দোকান-পোহাৰ ভাঙি ক্ষতিগ্ৰস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়।

পাটনাৰ মিলাৰ স্কুল খেলপথাৰত সামাজিক মাধ্যমৰ প্ৰভাৱক তথা ইউটিউবাৰ আৰিয়ান কেলভিনৰ এটা অনুষ্ঠান চলি আছিল। অনুষ্ঠানটোত অংশ ল'বলৈ বহু স্থানীয় ইউটিউবাৰ আৰু সামাজিক মাধ্যমৰ প্ৰভাৱক উপস্থিত হৈছিল। আৰিয়ান কেলভিন অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে তাৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতে খেলপথাৰত থকা যুৱকৰ এটা দলৰ মাজত উত্তেজনাৰ সৃষ্টি হয়।

ইয়াৰ পিছতে খেলপথাৰৰ পৰা ওলাই অহা দলটোৱে ওচৰৰ অঞ্চলত ভাঙি-ছিঙি আৰম্ভ কৰে। এই দলটোৱে ক্ৰমান্বয়ে বিজেপি কাৰ্যালয়ৰ দিশে আগবাঢ়ি গৈ কাৰ্যালয়টোলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে। কাৰ্যালয়ৰ ওচৰত থকা বাহন, ঠেলা আৰু দোকান-পোহাৰতো লোকসকলে ক্ষতিসাধন কৰে।

ঘটনাৰ সময়ত আৰক্ষীৰ ওপৰতো শিলাবৰ্ষণ কৰা হয় আৰু ইয়াৰ ফলত কেইবাজনো আৰক্ষী কৰ্মী আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় আৰক্ষীয়ে উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে।

আৰক্ষীয়ে ইতিমধ্যে শিলাবৰ্ষণ আৰু ভাঙি-ছিঙিত জড়িত লোকসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ঘটনাৰ ভিডিঅ’ আৰু অন্যান্য তথ্যৰ ভিত্তিত অভিযুক্তসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।