গুৱাহাটী, ২৯ অক্টোবৰঃ এ চি এছ বিষয়া মুনীন্দ্ৰ নাথ ঙাটেৰ পত্নীৰ নামত বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ মাটি থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ড্ৰিম ৱেভৰ নাম সাঙোৰাৰ বিষয়টোক লৈ ৰাইজৰ দলে তদন্তৰ দাবী জনোৱাৰ পাছতে বৃহস্পতিবাৰে প্ৰত্যুত্তৰ দিয়ে ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী বনজ্যোতি কৌদিন্যই। গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি কৌদিন্যই ৰাইজৰ দলৰ দুই নেতাই উত্থাপন কৰা অভিযোগসমূহ ভিত্তিহীন আৰু ভুৱা বুলি দাবী কৰে। এই অভিযোগৰ জৰিয়তে তেওঁৰ সামাজিক সন্মানহানি কৰাৰ চেষ্টা চলোৱা হৈছে বুলি অভিযোগ কৰি সংশ্লিষ্টসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে তেওঁ।

সংবাদমেলত কৌদিন্যই স্পষ্ট কৰি দিয়ে যে ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ সৈতে এ চি এছ বিষয়া মুনীন্দ্ৰ নাথ ঙাটে আৰু তেওঁৰ পত্নীৰ কোনো সম্পৰ্ক নাই। নুনমাটিত এডোখৰ মাটি ক্ৰয়ৰ বাবে আগধন দিয়াৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে মাটিৰ গৰাকীয়ে একাধিক লোকৰ পৰা একেদৰে আগধন লৈ থকাৰ কথা জানিব পাৰি তেওঁ ধন ঘূৰাই বিচাৰিছিল। কিন্তু গৰাকীয়ে ধন ঘূৰাই দিব নোৱৰাত তেওঁ আইনৰ সহায় লয়। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। অৱশ্যে, উক্ত মাটিডোখৰ ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ নহয় বুলি তেওঁ স্পষ্ট কৰে।

ড্ৰিম ৱেভৰ নামত মাটি থকাৰ অভিযোগৰ প্ৰত্যাহ্বান জনাই কৌদিন্যই ৰাইজৰ দলৰ সংবাদমেল সম্বোধন কৰা দুই নেতাক অভিযোগৰ সমৰ্থনত নথি-পত্ৰ দেখুৱাবলৈ দাবী জনায়। তেওঁৰ দাবী অনুসৰি, ‘ড্ৰিম ৱেভ কনষ্ট্ৰাকছন’ নামৰ কোনো প্ৰতিষ্ঠান নাই। ‘ড্ৰিম ৱেভ ষ্টুডিঅ’’ নামটো সাংস্কৃতিক কাম-কাজ, চিনেমা নিৰ্মাণ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বুলি তেওঁ কয়।

কৌদিন্যই লগতে দাবী কৰে যে ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ নামত কোনো মাটিৰ নথি-পত্ৰ নাই। এই নামত পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানৰ নথি-পত্ৰ বা PAN কাৰ্ডো নাই বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

তেওঁ কয়, “মই ব্যক্তিগতভাৱে ব্যৱসায় কৰোঁ। ক’ৰবাত মাটি কিনো বা বেছো, সেয়া মোৰ ব্যক্তিগত কথা। তাত তেওঁলোকৰ গা পুৰিবলগীয়া কি আছে? অসমীয়া ল’ৰা হিচাপে শূন্যৰ পৰা অতি কষ্টৰে ব্যৱসায় আৰম্ভ কৰিছোঁ। যদি অবৈধভাৱে কিবা কৰিছোঁ, তেন্তে প্ৰমাণসহ কওক। কিন্তু চিনা-পৰিচয় নথকা এজন মানুহৰ বিৰুদ্ধে এনেদৰে মিছা অভিযোগ আনি মানসিক অশান্তি দিব নাপায়।”

ৰাইজৰ দলৰ নেতাদ্বয়ে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে অচিৰেই আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও পুনৰ স্পষ্ট কৰে বনজ্যোতি কৌদিন্যই।

উল্লেখ্য যে, এই বাতৰিত উল্লেখ কৰা অভিযোগসমূহৰ সন্দৰ্ভত বনজ্যোতি কৌদিন্যই সংবাদমেলত দিয়া বক্তব্যৰ ভিত্তিত তথ্যসমূহ উপস্থাপন কৰা হৈছে। ৰাইজৰ দলৰ সংশ্লিষ্ট নেতাসকলৰ প্ৰতিক্ৰিয়া উপলব্ধ হোৱা নাই।