গুৱাহাটী, ৩০ অক্টোবৰ: আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ। ২০০৮ চনৰ আজিৰ দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই তুলিছিল সমগ্ৰ অসম। সেই ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮৮গৰাকী নিৰীহ লোকে। আহত হৈছিল পাঁচ শতাধিক লোক।
কিন্তু ১৮ বছৰ পাৰ হোৱাৰ পিছতো সেই বিভীষিকাময় দিনটোৰ স্মৃতি বহন কৰি থকা গণেশগুৰিৰ স্মৃতিসৌধত আজি দেখা নগ’ল কোনো বিশেষ স্মৃতিচাৰণৰ আয়োজন।
এটা সময়ত যি স্থানত নিহতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছিল, আজি সেই স্থানতেই দেখা গ’ল এক নীৰৱ পৰিৱেশ। এই দৃশ্যই স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন কৰিছে—৮৮গৰাকী নিৰীহ লোকৰ মৃত্যুৰ স্মৃতি বহন কৰা এই দিনটো চৰকাৰৰ বাবে ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰিছে নেকি ?
আনহাতে, ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা প্ৰাক্তন NDFB নেতা ৰঞ্জন দৈমাৰীক লৈও সময়ে সময়ে চৰ্চা অব্যাহত আছে। এই গোচৰত ২০১৯ চনত বিশেষ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। পৰৱৰ্তী সময়ত ২০২২ চনত গুৱাহাটী উচ্চ ন্যায়ালয়েও সেই শাস্তি বাহাল ৰাখিছিল।
২০২০ চনত বড়ো শান্তি চুক্তিত অংশগ্ৰহণৰ বাবে তেওঁক চাৰি সপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল। ইয়াৰ মাজতে বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা প্ৰাক্তন NDFB নেতা ৰঞ্জন দৈমাৰীৰ কাৰাবাসৰ ব্যৱস্থাক লৈও সেই সময়ত ব্যাপক চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি হৈছিল। কাৰাবন্দী অৱস্থাত তেওঁক অসম আৰক্ষীৰ Special Branch (SB)ৰ অতিথিশালাত ৰখা আৰু তাত ৰাজকীয় আতিথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল। পৰৱৰ্তী সময়ত তেওঁক চিৰাঙৰ কাজলগাঁৱত থকা বড়োলেণ্ড অতিথিশালালৈ স্থানান্তৰ কৰি VIP কাৰাগাৰৰ দৰে ব্যৱস্থা কৰাৰ বাতৰিও প্ৰকাশ পাইছিল।