গুৱাহাটী, ৩০ অক্টোবৰ: অসমৰ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ দাবীত অহা ২ নৱেম্বৰত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব চি আই টি ইউ (CITU) নেতৃত্বাধীন শ্ৰমিক সংগঠনসমূহে। ৰাজ্যৰ প্ৰতিখন জিলাৰ শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অৱস্থান ধৰ্মঘট পালন কৰাৰ ঘোষণা কৰিছে সংগঠনসমূহে।

বিজেপি চৰকাৰ আৰু শ্ৰম বিভাগৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি এক বিবৃতিত উল্লেখ কৰিছে CITUয়ে। সংগঠনটোৰ অভিযোগ, অসমত কৰ্মৰত প্ৰায় ২৩ লাখ শ্ৰমিকক বিগত ৭২ মাহ ধৰি আইনসংগতভাৱে পাবলগীয়া ন্যূনতম মজুৰিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে।

শ্ৰমিক সংগঠনসমূহে দৈনিক ন্যূনতম মজুৰি ৮০০ টকা নিৰ্ধাৰণ কৰি চৰকাৰী জাননী প্ৰকাশ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকা কৰা আৰু অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ ৰখাৰ দাবী জনাইছে।

ইয়াৰ উপৰি পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণমূলক সুবিধা লাভৰ ক্ষেত্ৰত থকা জটিলতা আঁতৰ কৰা, অংগনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলক শ্ৰমিক হিচাপে স্বীকৃতি দি মাননিৰ পৰিৱৰ্তে মজুৰি প্ৰদান কৰা আৰু সমান কামৰ বাবে সমান মজুৰি নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ঠিকা শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ, মটৰ শ্ৰমিক, গৃহকৰ্মীসহ অসংগঠিত খণ্ডৰ সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ দাবীও জনোৱা হৈছে।

CITUৰ বিবৃতিত উল্লেখ কৰা অনুসৰি, ২০২২ চনৰ ১ ছেপ্টেম্বৰৰ পৰা সংগঠনটোৱে এই দাবীসমূহৰ সমৰ্থনত ধাৰাবাহিকভাৱে আন্দোলন চলাই আহিছে। শ্ৰম মন্ত্ৰী, শ্ৰম সচিব আৰু শ্ৰম আয়ুক্তকে ধৰি বিভাগীয় বিষয়াসকলৰ ওচৰত সমস্যা সমাধানৰ বাবে আবেদন জনোৱাৰ লগতে বিভিন্ন সময়ত প্ৰতিশ্ৰুতিও লাভ কৰিছিল বুলি সংগঠনটোৱে দাবী কৰিছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে, যোৱা ২৮ ছেপ্টেম্বৰত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত অনুষ্ঠিত বৃহৎ শ্ৰমিক প্ৰতিবাদৰ সময়ত শ্ৰম বিভাগৰ উচ্চপদস্থ বিষয়াই ৩০ অক্টোবৰৰ ভিতৰত আলোচনাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি অনুসৰি আজিলৈকে কোনো আনুষ্ঠানিক আলোচনা অনুষ্ঠিত নহ'ল বুলি অভিযোগ কৰিছে CITUয়ে।

২ নৱেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-যুৱ, মহিলা, কৃষক আৰু অন্যান্য গণতান্ত্ৰিক সংগঠনৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছে CITUৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই।