মুছলপুৰ, ৩০ অক্টোবৰ: আজি বাক্সা জিলাৰ ২৩সংখ্যক জিলা দিৱস। এই উপলক্ষে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হৈছে।

‘সুস্থ বাক্সা’ শীৰ্ষক সমদলেৰে আৰম্ভ হয় জিলা দিৱসৰ কাৰ্যসূচী। ইয়াৰ পিছতে স্বাক্ষৰ অভিযান, বৃক্ষৰোপণ আৰু বিভিন্ন বিভাগৰ বিপনী স্থাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী কাৰ্যসূচীৰে সামৰণি পৰিব জিলা দিৱসৰ উদযাপন।

উল্লেখ্য যে, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিটিচি চুক্তিৰ আধাৰত বাক্সা জিলা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত ৩০ অক্টোবৰৰ দিনটোত বাক্সাক জিলা হিচাপে ঘোষণা কৰা হয়। তেতিয়াৰে পৰা প্ৰতি বছৰে ৩০ অক্টোবৰ দিনটো বাক্সা জিলা দিৱস হিচাপে পালন কৰি অহা হৈছে।

জিলাখনৰ ইতিহাস, পৰিচয় আৰু উন্নয়নৰ যাত্ৰাক স্মৰণ কৰি এই দিৱস উদযাপন কৰা হৈছে।