জলন্ধৰ, ৩১ অক্টোবৰঃ Men’s Asian Champions Trophyত জয়ৰ ধাৰা অব্যাহত ৰাখিছে ভাৰতে। পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন লীগ মেচত জাপানক ৪-১ গ’লত পৰাস্ত কৰি একেৰাহে তৃতীয়টো জয় সাব্যস্ত কৰে ভাৰতীয় হকী দলে।

মেচখনত ভাৰতৰ হৈ অভিষেক নাইন আছিল অন্যতম সফল খেলুৱৈ। তেওঁ দুটা ফিল্ড গ’ল দিয়াৰ লগতে মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। বিষ্ণুকান্ত সিঙে এটা গ’ল দিয়াৰ বিপৰীতে অধিনায়ক হৰমনপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰৰ পৰা এটা গ’ল কৰে। চলিত প্ৰতিযোগিতাত এয়া হৰমনপ্ৰীতৰ পঞ্চমটো গ’ল।

আনহাতে, জাপানৰ হৈ শ্বোটা য়ামাডাই পেনাল্টি ষ্ট্ৰ’কৰ জৰিয়তে একমাত্ৰ গ’লটো দিয়ে।

এই জয়ৰ জৰিয়তে প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈকে খেলা তিনিওখন মেচতে জয়লাভ কৰি নিজৰ অপৰাজিত যাত্ৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, আজি প্ৰতিযোগিতাত বিশ্ৰামৰ দিন। অহা ১ নৱেম্বৰত ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। একেদিনাই দক্ষিণ কোৰিয়াই বাংলাদেশৰ মুখামুখি হ’ব আৰু চীনে জাপানৰ বিৰুদ্ধে খেলি প্ৰতিযোগিতাত প্ৰথমটো জয়ৰ সন্ধান কৰিব।