নিউজ ডেস্ক: বজাৰৰ পৰা ১ লিটাৰ সৰিয়হৰ তেলৰ পাউচ কিনাৰ পিছত বহু গ্ৰাহকৰ মনত এটা প্ৰশ্নৰ উদয় হয়—পেকেটত ১ লিটাৰ তেল বুলি লিখা আছে, কিন্তু ওজন কৰিলে কিয় প্ৰায় ৯১০ গ্ৰামহে হয়? কোম্পানীয়ে গ্ৰাহকক কম তেল দিছে নেকি? প্ৰকৃততে ইয়াৰ আঁৰত আছে পদাৰ্থ বিজ্ঞানৰ এক সাধাৰণ নিয়ম।

১ লিটাৰ মানেই ১ কিলোগ্ৰাম নহয়

সাধাৰণতে পানীৰ ক্ষেত্ৰত ১ লিটাৰ আৰু ১ কিলোগ্ৰামক প্ৰায় সমান বুলি গণ্য কৰা হয়। কাৰণ সাধাৰণ উষ্ণতাত ১ লিটাৰ পানীৰ ওজন প্ৰায় ১ কিলোগ্ৰাম হয়। কিন্তু সকলো তৰল পদাৰ্থৰ ক্ষেত্ৰত এই হিচাপ একে নহয়।

ইয়াৰ মূল কাৰণ হৈছে ঘনত্ব (Density)। কোনো পদাৰ্থৰ নিৰ্দিষ্ট আয়তনত কিমান ভৰ থাকে, তাকেই ঘনত্ব বুলি কোৱা হয়।

পানীৰ তুলনাত সৰিয়হৰ তেলৰ ঘনত্ব কম। সেয়েহে একে ১ লিটাৰ আয়তনৰ সৰিয়হৰ তেলৰ ওজন প্ৰায় ৯১০ গ্ৰাম হ’ব পাৰে। অৰ্থাৎ, তেলৰ পৰিমাণ ১ লিটাৰ হ’লেও ইয়াৰ ওজন ১ কিলোগ্ৰাম হোৱাটো বাধ্যতামূলক নহয়।

সৰিয়হৰ তেলৰ ওজন ৯১০ গ্ৰাম কিয়?

সাধাৰণ উষ্ণতাত সৰিয়হৰ তেলৰ Specific Gravity প্ৰায় ০.৯০৭ৰ পৰা ০.৯১০ৰ ভিতৰত থাকে বুলি উল্লেখ কৰা হৈছে। সেই হিচাপ অনুসৰি ১ লিটাৰ সৰিয়হৰ তেলৰ ওজন প্ৰায় ৯০৭ৰ পৰা ৯১০ গ্ৰাম হ’ব পাৰে।

আনহাতে, তেলৰ উষ্ণতা আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ঘনত্বৰ কিছু তাৰতম্য ঘটিব পাৰে। সেইবাবেই সকলো তেলৰ ওজন একে নহয়।

গ্ৰাহকৰ বাবে চৰকাৰৰ নিৰ্দেশনা

ভাৰত চৰকাৰৰ Department of Consumer Affairs-এ খাদ্য তেলৰ পৰিমাণ আৰু ওজনৰ মাজৰ পাৰ্থক্য সন্দৰ্ভত নিৰ্দেশনা প্ৰকাশ কৰিছে। প্ৰদান কৰা তথ্য অনুসৰি, ৩০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ১ লিটাৰ Soft Oil-ৰ সমতুল্য ওজন ৯১০ গ্ৰাম বুলি নিৰ্ধাৰণ কৰা হৈছে।

২০২৬ চনৰ ৬ জুনত প্ৰকাশিত চৰকাৰী নিৰ্দেশনাত খাদ্য তেলৰ পেকেটত পৰিমাণৰ লগতে সমতুল্য ওজনৰ তথ্য স্পষ্টকৈ উল্লেখ কৰাৰ বিষয়টোও গুৰুত্ব লাভ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাহকক সামগ্ৰীৰ প্ৰকৃত পৰিমাণ সম্পৰ্কে অধিক স্পষ্ট ধাৰণা দিয়া।

তেন্তে কোম্পানীয়ে গ্ৰাহকক ঠগিছে নেকি?

কেৱল ১ লিটাৰ সৰিয়হৰ তেলৰ পাউচত ৯১০ গ্ৰাম ওজন দেখিলেই কোম্পানীয়ে গ্ৰাহকক ঠগিছে বুলি ক’ব নোৱাৰি। কাৰণ লিটাৰ হৈছে আয়তনৰ একক আৰু গ্ৰাম হৈছে ভৰৰ একক।

গতিকে, পৰৱৰ্তী সময়ত ১ লিটাৰ সৰিয়হৰ তেলৰ পাউচত ৯১০ গ্ৰাম ওজন দেখিলে আচৰিত হোৱাৰ প্ৰয়োজন নাই।