গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬:

দীপাৱলীৰ আনন্দৰ মাজতে এজাক সৰু চৰাইৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ ব্যস্ত গণেশগুৰি অঞ্চলৰ GS Roadৰ এটা নিৰ্দিষ্ট অংশক ‘ফটকা নিষিদ্ধ এলেকা’ হিচাপে ঘোষণা কৰা হৈছে। অঞ্চলটোত আশ্ৰয় লৈ থকা এজাক ঘনচিৰিকাৰ যাতে আতচবাজিৰ শব্দ আৰু ধোঁৱাৰ ফলত কোনো ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অসম আৰক্ষীৰ এই বিশেষ পদক্ষেপ অনুসৰি, গণেশগুৰিৰ লুই ফিলিপ বিপণিৰ পৰা এপ'ল’ হাস্পতাললৈকে GS Roadৰ নিৰ্দিষ্ট পথছোৱা ফটকা নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে।

এই পথছোৱাত যাতে কোনেও আতচবাজি বা ফটকা ফুটাই চৰাইবোৰক আতংকিত নকৰে, তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে।

গণেশগুৰিৰ এই অঞ্চলত এজাক ঘনচিৰিকাই আশ্ৰয় লৈ আছে। দীপাৱলীৰ সময়ত আতচবাজিৰ তীব্ৰ শব্দ, ধোঁৱা আৰু পোহৰৰ ফলত চৰাইবোৰৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাৰ আশংকা থাকে।

বিশেষকৈ ঘনচিৰিকাৰ দৰে সৰু চৰাইৰ বাবে হঠাৎ হোৱা তীব্ৰ শব্দ আৰু আতংকৰ পৰিৱেশ ক্ষতিকাৰক হ'ব পাৰে। সেই কথা বিবেচনা কৰিয়েই চৰাইবোৰৰ নিৰাপদ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দীপাৱলীৰ সময়ত সাধাৰণতে মহানগৰীৰ বিভিন্ন স্থানত আতচবাজিৰ ব্যৱহাৰ বৃদ্ধি পায়। এনে সময়তে কেৱল মানুহৰ সুৰক্ষাই নহয়, আন জীৱ-জন্তু আৰু চৰাইৰ সুৰক্ষাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছে অসম আৰক্ষীয়ে।