নতুন দিল্লী, ৭ নৱেম্বৰঃ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল ছোনিয়া গান্ধীয়ে। কিন্তু সকলোকে আচৰিত কৰি তেওঁ সেই পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ পৰিৱৰ্তে ড০ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। প্ৰায় ২২ বছৰৰ পিছত এই সিদ্ধান্তৰ আঁৰৰ কাৰণ সন্দৰ্ভত মুখ খুলিছে ছোনিয়া গান্ধীয়ে।
ব্ৰিটিছ সংবাদপত্ৰ ‘দ্য গাৰ্ডিয়ান’ক দিয়া এক সাক্ষাৎকাৰত ছোনিয়া গান্ধীয়ে কয় যে তেওঁ আগৰে পৰাই স্পষ্ট সিদ্ধান্ত লৈছিল—কেতিয়াও প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰীৰ পদ তেওঁৰ ব্যক্তিত্ব আৰু পছন্দৰ সৈতে খাপ নাখায়। ৰাজনীতিত প্ৰৱেশৰ আঁৰত ব্যক্তিগত উচ্চাকাংক্ষা নাছিল বুলিও তেওঁ উল্লেখ কৰে। দল আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোধৰ পৰাই তেওঁ ৰাজনীতিলৈ আহিছিল বুলি কয়।
২০০৪ চনৰ নিৰ্বাচনত কংগ্ৰেছ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত ইউপিএ চৰকাৰ গঠনৰ পথ মুকলি হৈছিল। সেই সময়ত ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী পদৰ স্বাভাৱিক দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল। কিন্তু তেওঁ নিজে পদ গ্ৰহণ নকৰি মনমোহন সিঙৰ নাম প্ৰস্তাৱ কৰিছিল।
ইয়াৰ পূৰ্বে ২০০৮ চনত এক সাক্ষাৎকাৰত প্ৰিয়ংকা গান্ধীয়েও কৈছিল যে তেওঁ আৰু ৰাহুল গান্ধী—দুয়োজনে বিচৰা নাছিল যে তেওঁলোকৰ মাতৃ প্ৰধানমন্ত্ৰী হওক। প্ৰিয়ংকাৰ মতে, নিৰ্বাচনৰ বহু আগতেই ছোনিয়া গান্ধীয়ে এই সিদ্ধান্ত লৈছিল আৰু মাতৃক আগতীয়াকৈ নিজৰ সিদ্ধান্ত স্পষ্ট কৰিবলৈ তেওঁলোকে পৰামৰ্শ দিছিল।
আনহাতে, ২০১৪ চনত প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙে দাবী কৰিছিল যে ৰাহুল গান্ধীয়ে মাতৃ প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী হ’লে ছোনিয়া গান্ধীৰ জীৱনলৈও ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ দৰে বিপদ আহিব পাৰে বুলি ৰাহুলে আশংকা কৰিছিল। অৱশ্যে সেই সময়ত কংগ্ৰেছ নেতা অজয় মাকেনে নটৱৰ সিঙৰ এই দাবী খণ্ডন কৰিছিল।
সাক্ষাৎকাৰটোত ছোনিয়া গান্ধীয়ে স্বামী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ পিছত পৰিয়ালটোৱে সন্মুখীন হোৱা নিৰাপত্তাজনিত আশংকাৰ কথাও স্মৰণ কৰে। ইন্দিৰা গান্ধীৰ হত্যাৰ পিছৰে পৰা ৰাজীৱ গান্ধীৰ জীৱনক লৈ পৰিয়ালৰ মাজত উদ্বেগ আছিল বুলি তেওঁ কয়। সেই সময়ত ৰাহুল আৰু প্ৰিয়ংকাৰ স্বাভাৱিক জীৱনো যথেষ্ট সীমিত হৈ পৰিছিল।
উল্লেখ্য যে ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ Belonging: A Journey of Love ১০ নৱেম্বৰ, ২০২৬ত প্ৰকাশ পোৱাৰ কথা। ব্যক্তিগত জীৱন, ৰাজীৱ গান্ধীৰ সৈতে সম্পৰ্ক আৰু ভাৰতীয় ৰাজনীতিৰ বিভিন্ন সময়ৰ অভিজ্ঞতা এই গ্ৰন্থত স্থান পাব বুলি আশা কৰা হৈছে।